মানুহৰ সৰ্বোত্তম বন্ধু কিতাপঃ এক চমু আলোচনা

Rinku Rajowar
0
                         (১)

          জীৱনৰ সন্ধানত যেতিয়া আমি অহৰহ ব্যস্ত হৈ পৰো, কোনো সত্যক বিচাৰিবলৈ উদ্বাউল হৈ পৰো আৰু য'ত মনোজগত উদ্ভাসিত হৈ উঠে এক নতুন আলোকেৰে; ঠিক তেতিয়া এটা শব্দ আমাৰ স'তে অনবৰতে সংগী হৈ থাকে। সেয়া হ'ল আত্মাৰ খাদ্য "কিতাপ"। জীৱনৰ বৈপ্লৱিক যাত্ৰাপথৰ এক মহত্তম চিহ্ন। হৃদয় আৰু মগজুৰ অনবদ্য সমাহাৰেৰে সৃষ্টি হয় যিবোৰ ন ন কথা আৰু চিন্তা- য'ত পৃথিৱীখনক, আধুনিক সমাজখনকো শাসন কৰাৰ কথা লিপিবদ্ধ থাকে, সেয়াই কিতাপ। ভল্টেয়াৰৰ ভাষাত- 'যি সমাজত কিতাপ নাই, সেই সমাজ থকা নথকা একেই কথা।'

         কিতাপৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশ্বৰ বহু পণ্ডিতে বহু মূল্যৱান যুক্তিসংগত বৰ্ণনা কৰি থৈ গৈছে। পণ্ডিত সকলৰ মতে এখন দেশৰ জনসাধাৰণৰ উদ্‌গতি বা উন্নতিৰ পথ সুচল কৰাৰ বাবে কিতাপৰ প্ৰয়োজন এশ শতাংশই আছে। মানুহৰ মংগলৰ আকাংক্ষাক সুদৃঢ় কৰিব পাৰে কেৱল কিতাপেহে। এখন ৰাষ্ট্ৰৰ গণতন্ত্ৰক আৰু মানুহক সচেতন কৰাৰ ক্ষেত্ৰত কিতাপেই যথেষ্ট ফলদায়ক। যদিও প্ৰতিখন কিতাপৰ বিষয় ভিন ভিন , তথাপি প্ৰত্যেকখন কিতাপেই ভাল হ'ব সেইটো ধুৰূপ। কাৰণ প্ৰতিখন কিতাপৰেই সুকীয়া সুকীয়া মৰ্যাদা আছে। কিতাপে মানুহৰ কল্যাণৰ কথাই চিন্তা কৰে। অৰ্থাৎ, কিতাপ মানুহৰ আশাবাদক জীয়াই ৰখাৰ এক সম্বল। 

            কিতাপৰ কেতিয়াও মৃত্যু নহয়। কাৰণ কিতাপ অবিহনে পৃথিৱীৰ মানৱ সমাজ নিৰৰ্থক। কোনো সভ্যতাক যুগান্তকাৰী ৰূপ দিব পাৰে কেৱৰ কিতাপে। কাৰণ ই মানুহক বুজি উঠাৰ প্ৰধান আহিলা। সমগ্ৰ মানৱ জাতিৰ মানৱ সত্তাক জাগৰিত, শৃংখলিত, নিয়ন্ত্ৰিত কৰি ৰাখিছে কিতাপে। যাক পঢ়িলে মানুহ আনন্দত আত্মহাৰা হ'ব পাৰে। দুখত সহানুভূতিশীল আৰু সংবেদনশীল হৈ উঠিব পাৰে অথবা মুক্তিৰ পথ প্ৰশস্ত হে পৰে। বস্তুতঃ কিতাপ মৃত, জীৱহীন পদাৰ্থ। কিন্তু মনৰ জগতত কিতাপ কেতিয়াও মৃত হ'ব নোৱাৰে। সেয়ে ফ্ৰেংকলিন ৰুজভেল্টে কৈছে- " আমি সলোৱেই জানো যে জুই লগাই দিলেই কিতাপ পুৰি ছাই হয়। কিন্ত তাতোকৈ বেছিকৈ যিটো কথা সত্য বুলি জানো, সেইটো হ'ল এই যে কিতাপক জুয়ে পুৰি মাৰিব নোৱাৰে। মানুহ মৰে। কিন্তু কিতাপ কেতিয়াও নমৰে।"

        মানুহৰ জীৱনৰ এটি ডাঙৰ অভ্যাস হ'ল অধ্যয়ণ। ই কেৱল সাহিত্য -কলা- সংস্কৃতি বিষয়কেই সামৰি নথয়। কিতাপ হ'ব পাৰে বুৰঞ্জী, ভূগোল , অৰ্থনীতি, সমাজনীতি , ৰাজনীতি, জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, অংক শাস্ত্ৰ আদি সকলো বিষয়ৰ। প্ৰত্যেক মানুহৰে নিজ নিজ অধ্যয়ণ ৰুচি বেলেগ বেলেগ হয়। যিহেতু কিতাপ পঢ়িলে মনৰ দিগন্ত প্ৰশস্ত হৈ পৰে, আত্মা শীতল হৈ পৰে। কিবা নয় কিবা প্ৰেৰণাদায়ক ফল লাভ কৰে। গতিকে কিতাপ পঢ়ি লাভ কৰা আনন্দতকৈ কিবা জানো আকৰ্ষণ থাকিব পাৰে(!)? এক কথাত ক'বলৈ হ'লে কিতাপ পঢ়াৰ যি  আনন্দ সেয়া চিৰস্মৰণীয় আৰু অতুলনীয়। এবাৰ কিতাপ পঢ়াৰ সোৱাদ লাভ কৰা ব্যক্তিয়ে জীৱনজুৰি এৰিব নোৱাৰা ইয়াৰ  নিচা। তেনে লোকৰ বাবে কিতাপেই সৰ্বোত্তম বন্ধু। সেয়েহে বোধকৰো মিল্টনে কৈছিল-- " A good book is the precious life blood of a master spirite embalmed and treasured upon purpose to life beyond life."


                        (২)

          এই পৃথিৱীত  এনে বহুতো লোক আছে  যিসকলে কিতাপ, কাকত- আলোচনী আদি পঢ়ি অত্যন্ত ভাল পায়। আৰু এনে বহুতো লোক আছে যিসকলে কিতাপ পঢ়ি ভাল নাপায় । ইয়াৰ ভিতৰত কিতাপ পঢ়ি ভাল নোপোৱা লোকৰ সংখ্যা তেনেই নগণ্য। উল্লেখযোগ্য যে কিতাপ পঢ়ি ভাল নোপোৱা বা কিতাপ বিৰোধী লোকসকলৰ মাজৰ এগৰাকী আছিল মহান দাৰ্শনিক "ছক্ৰেটিচ"। তেখেত কিতাপৰ ঘোৰ বিৰোধী আছিল। এই সম্পৰ্কে তেখেতে তেখেতৰ শিষ্যসকলক এটা কাহিনী কৈছিল এনেদৰে --" থোত হৈছে জ্যামিতি, জ্যোতিৰ্বিদ্যা, লিপি  আৰু সংখ্যাৰ দেৱতা। তেওঁ প্ৰাচীন মিছৰৰ এজন অধিপতি (সম্ৰাট) ক ক'লে- 'তোমাৰ প্ৰজাবৰ্গৰ মাজত এই সকলো বিদ্যা প্ৰচাৰ কৰি দিয়া।' সম্ৰাট সকলো বিদ্যা প্ৰচাৰত সন্মত হৈছিল যদিও লিপি অৰ্থাৎ কিতাপ প্ৰচাৰত সন্মত নাছিল। কাৰণ সম্ৰাটে ভাবিছিল যে মানুহ যদি এই বিদ্যা (কিতাপ পঢ়া বিদ্যা) ত পাৰ্গত হৈ যায়, তেতিয়া তেওঁলোকৰ মস্তিষ্কৰ ব্যৱহাৰ পাহৰি পেলাৱ । তেওঁলোকে কেৱল নিৰ্ভৰ কৰিব বাহিৰৰ বা মুদ্ৰিত কিছুমান সাংকেতিক চিহ্নৰ ওপৰত।" সেয়েহে হয়তো মহান দাৰ্শনিক ছক্ৰেটিছ কিতাপ বিৰোধী আছিল বুলি আমাৰ ধাৰণা।  


                       (৩)

          পৃথিৱী বিখ্যাত সাহিত্যিক মাৰ্টিন টুপৰে কৈছিল- " কিতাপেই হৈছে মানুহৰ সৰ্বোত্তম বন্ধু।" সেই কথা আজিও সত্য, চিৰকালেই সত্য। আমি যিকোনো এখন ভাললগা কিতাপ, কাকত বা আলোচনী পঢ়িব পাৰিলেই যে ই মনত এক আনন্দ দিয়ে এনে নহয়। ই আচলতে এনে এক কলা যি আমাৰ জীৱনৰ প্ৰতিটো  অনাগত মূহুৰ্তকেই আমাক নতুনকৈ চাবলৈ শিকায়। বুজিবলৈ শক্তি দিয়ে আৰু নিজৰ উৎকৰ্ষ সাধনত সহায় কৰে।

         যেতিয়া আমি কোনো এখন ভাল কিতাপ পঢ়ো আমাৰ মনৰ ভাৱধাৰাই সলনি হৈ যায়। সংস্কৃতত এষাৰ কথা আছে- ' নৰসি কুৰুতে কাব্যম।' অৰ্থাৎ পৃথিৱীৰ মহত্বম সাহিত্যৰাজিয়েই হৈছে মানুহৰ কল্পনাৰ সৃষ্টি। এখন ভাল কিতাপ লিখিবলৈ সেয়ে প্ৰয়োজন হয় অৰ্হতা, কঠোৰ শ্ৰম, অধ্যয়ণ, ধৈৰ্য, গৱেষণা, কল্পণা কৰিব পৰা ইত্যাদি শক্তিৰ। সেই দৰে যি পঢ়ুৱৈয়ে নতুন কিতাপ এখন পঢ়ি আমেজ পায়, তেওঁৰ বাবে কিতাপ এখন সকলো ফল-ফুলতকৈ সুমিষ্ট। শিশুৰ বাবে নতুন পোছাকত পোৱা গোন্ধৰ দৰে আৰু বৃদ্ধৰ বাবে দেহত পোৱা পোৰা ধপাতৰ দৰেই তাৰ আমেজ। এই কথা নকলেওঁ হয়তো পাঠকসবে বুজি পালেহেতেঁন।


      বৰ্তমান সময়ত ৰেডিঅ', দূৰদৰ্শন, চিনেমা চোৱাৰ লগতে ইণ্টাৰ্নেটৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সকলো খা-খৱৰ পোৱাৰ দিনত যি হাৰত ইণ্টাৰ্নেট ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে, তেনে হাৰত কিতাপ, কাকত- আলোচনী ইত্যাদি পঢ়া লোকৰ সংখ্যা বঢ়া নাই যদিও একেবাৰে বঢ়া নাই বুলি ভবা  কথাষাৰ ধুৰূপ। নহলেনো আজিৰ দিনত পৃথিবীৱ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক কাকত- আলোচনী প্ৰকাশ  পাইনে (!)? এই ক্ষেত্ৰত সমগ্ৰ পৃথিৱীৰ কথা নকলেও  অকল ভাৰতবৰ্ষতেই প্ৰতিদিনে দহ লক্ষাধিক বাতৰি কাকত- আলোচনী  প্ৰকাশিত হয়। অসমতো প্ৰায় পাঁচ হাজাৰতকৈও অধিক বাতৰি কাকত- আলোচনী দৈনিক, পষেকীয়া অথবা মাহিলী ভাৱে প্ৰকাশ পায় বুলি জানিব পৰা গৈছে।


                         (৪)

       আজিৰ দিনত পুৱা শুই উঠি হাত-মুখ ধুই ধোৱা ওলাই থকা চাহৰ পিয়লাত সোহা এটা মাৰি বাতৰি কাকত এখন পঢ়া লোক খুউব কমেইহে আছে। আজিৰ দিনৰ অধিকাংশ লোকেই  পুৱা শুই উঠিয়েই হাতত থকা "এনড্ৰইড" ম'বাইলটো টিপিয়ে দেশৰ খা-খৱৰ লাভ কৰে। সেয়েহে পুৱা শুই উঠি কাপত সোহা মাৰি বাতৰি কাকত পঢ়াৰ যি মাদকতা আছে সেয়া এই ক্ষেত্ৰত অনভিজ্ঞসকলে হয়তো বুজি নাপাব। যি এই অভ্যাস এবাৰ গঢ়ি তুলিছে, তেওঁ বাতৰি কাকতখন পুৱা সকাৰে পদুলি মুখত দি নোযোৱালৈকে হয়তো চাহকাপ খোৱাৰ কথাটো চিন্তা নকৰে। বহুতে অৱশ্যে আন আন আজৰি সময়তো কিতাপ, কাকত-আলোচনী পঢ়ি ভাল পায়। আন বহুতে আকৌ বাছ, ৰে'ল, বিমান আদিৰে কৰা যাত্ৰা কালত বা আন বহুতে আকৌ গান শুনি, আহাৰ গ্ৰনণ কৰি থকা আদি সময়ত কিতাপ, কাকত-আলোচনী পঢ়ি ভাল পায়।

        এই ক্ষেত্ৰত এই অভাজনো ব্যতিক্ৰম নহয়। এই অভাজনে বিদ্যালয়ত পঢ়ি থকা অবস্থাত অকলে
অকলে বিদ্যালয়ৰ পুথিভড়াল বা গ্ৰন্থাগাৰত কিতাপ- আলোচনী পঢ়ি ভাল পাইছিলো। কেতিয়াবা অকলে অকলে কিতাপ পঢ়ি পঢ়ি এক-দুই ঘুমতি টোপনিও মাৰিছিলো। তাৰ বাবে আমাৰ বিদ্যালয়ৰ  গ্ৰন্থাগাৰিক চাৰৰ পৰা কাণ চেপাও খাইছিলো। আমি বিদ্যালয়ত পঢ়ি থকা সময়ত বিশেষকৈ কবিতা, গল্প, উপন্যাস, আত্মজীৱনী, ইংৰাজী লেখকৰ অনুবাদিত কিতাপেই পঢ়িছিলো।  


          ইয়াৰ বাহিৰে আমি আজৰি সময়ত নতুবা ৰাতি ভাত- পানী খাই শোৱাৰ আগতে বিছনাত শুই শুই টোপনিয়াই টোপনিয়াই কিতাপ পঢ়িও ভাল পাইছিলো (বৰ্তমানো ভাল পাওঁ)। সেই কথা ভাবিলেই কিবা এটা ভাল লাগি যায়।


                        (৫)

          সি যিকি নহওঁক কিতাপ হৈছে মানৱ সভ্যতাৰ আটাইতকৈ মূল্যৱান আৱিষ্কাৰ। আৰু কিতাপেই হৈছে  মানুহৰ সৰ্বোত্তম বন্ধু। এই বন্ধুত্ব এবাৰ যি গঢ়ি তুলিছে তেওঁ এবাৰলৈ হ'লেও থমকি ৰ'ব লগা হোৱা নাই। কেৱল এই বন্ধুত্ব গভীৰৰ পৰা গভীৰত্বমহে হৈ গৈ থাকে। উদাহৰণস্বৰূপে ইয়াকে ক'ব পাৰি যে আমাৰ অসমৰ কিতাপ, কাকত- আলোচনী পঢ়ি ভাল পোৱা মানুহ এজনে গুৱাহাটীলৈ আহিলে তেওঁ চিৰিয়াখানা, তাৰকাগৃহ অথবা শংকৰদেৱ কলাক্ষেত্ৰলৈ  নগ'লেও হয়তো  এবাৰ পান বজাৰৰ কিতাপৰ দোকানবোৰত নোহোমোৱাকৈ উভতি নাযায়।


        কিন্তু  এই গোলকীকৰণ তথা বিশ্বায়ণৰ যোগত কিতাপ, কাকত- আলোচনী ইত্যাদিৰ ঠাই ম'বাইল, কম্পিউটাৰ-লেপটপ আদিয়ে লোৱাৰ ফলত কিতাপ, কাকত-আলোচনী আদিৰ প্ৰয়োজনীয়তা দিনক দিনে কমি অহাৰ বাবে প্ৰকাশন উদ্যোগটোলৈ নামি অহা  অহনি সংকেটৰ কথা উল্লেখ নকৰিলে হয়তো আমাৰ লিখনি আধৰুৱা হৈ পৰিব। যোৱা বছৰৰ শেষৰ ফালে অসমৰ "কিতাপৰ দেশ "পান বজাৰৰ কিতাপৰ দোকানত কৰ্মৰত প্ৰায় ছয় হাজাৰ (আনুমানিক) কৰ্মচাৰীৰ বহু সংখ্যকেই চাকৰি সেৰুৱাৰ যিটো বাতৰি প্ৰকাশ পাইছিল সেই বাতৰিটোৱে নিশ্চয়কৈ লেখক, সমালোচক, বুদ্ধিজীৱী, সচেন মহল আদি সকলোতে চিন্তাৰ উদ্ৰেক সৃষ্টি কৰিছি। ইয়াৰ উপৰিও আজিৰ দিনত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ পোৱা "ই-বুক- ই-আলোচনী" আদিৰ লগতে সামাজিক মাধ্যমত ভাইৰেল হোৱা পি. ডি. এফ ব্যৱস্থায়ো আমাৰ সমাজত কিতাপ গুৰুত্ব কমাই অনাল লগতে প্ৰকাশ উদ্যোগতোৰ লগত জড়িত হৈ থকা লাখ লাখ লোক ভৱিষ্যত জীৱনলৈ নমাই আনিছে অনিশ্চয়তাৰ কলীয়া ডাৱৰ।


                         (৬)
 
       সি যিকি নহওক, শেষত  আমি ইয়াকে কওঁ যে  এই গোলকীকৰণ তথা  বিশ্বায়ণৰ যুগটোৱে মানুহক টকা-পইছা, প্ৰাচুৰ্যতা, বিলাসিতা আদি সকলো দিছে। কিন্তু দলিয়াই  পেলাইছে মানুহৰ বাবে অতি প্ৰয়োজনীয় বস্তুতো। সেয়া হৈছে- প্ৰেম, দয়া, মমতা ইত্যাদি। তাৰ  পৰিবৰ্তে দিছে কেৱল নিঃসংগতা।সেয়েহে আমি এই যান্ত্ৰিক কোলাহলেৰে আৱৰা, সামাজিক অৱক্ষয়ে ছিৰাছিৰ কৰা পৃথিৱীৰ পৰা আতঁৰি এখন নতুন অথচ প্ৰেম, দয়া, মমতা ইত্যাদিৰে ভৰা পৃথিৱী গঢ়ি তুলিবলৈকে আমি কিনিব  ল'ব লাগিব বজাৰত সহজে উপলব্ধ হোৱা বন্দুক, ম'বাই, লেপটপ অথবা গোটখা ৰ পেকেটৰ সলনি এখন কিতাপ। যিয়ে সলনি কৰিব পাৰিব এখন সমাজ এখন দেশ। সুদৃঢ় কৰিব পাৰিব সমগ মানৱ জাতিৰ আশা-আকাংশা ইত্যাদিক।


               📝 বিতু বুঢ়াগোহাঁই
                   দুলীয়াজান(অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)