দেউতা কিয় চাকৰ?

Rinku Rajowar
0
মা--সোণ তইনো সদায় সদায় কি ভাবি থাক?

মই--মইনো কি ভাবিম মা আৰু ভাবিবলৈ নো আছে কি?

অ' এটা প্ৰশ্নই মোৰ মনটোক আমনি নকৰা নহয়,

কিন্তু সেই প্ৰশ্নটো তোমাক সুধিব নোৱাৰো
বৰ ভয় লাগে।

কিন্তু কি কৰিম কোৱা মা
লগৰ বোৰে যে মোক জোকাই,ঠাট্টা কৰি কৰি হাঁহে।

কি কৰিম একো উপায় পোৱা নাই,দিনে নিশাই মাথো এটাই প্ৰশ্ন?

আজিও মনত পৰে দেউতাৰ হাতত হাত ধৰি 
উমলাৰ কথা।

শৈশৱ এৰি,ল'ৰালিও এৰি  যৌৱনত ভৰি দিলো।

কিন্তু সেই একেটা প্ৰশ্নৰ উত্তৰ মই বিচাৰি  নাপালো।

আজি নহ'লে তোমাক সুধিয়েই পেলাঁও মা

তুমি কিন্তু মোক না নকৰিবা আৰু সুধাৰ কাৰণে বেয়াও নাপাবা।

অ' মা""

"দেউতা কিয় চাকৰ?,,,

📝দ্বীপ দীপাংকৰ লাহন
     বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)