জীৱন এক অগ্নিপথ

©Admin
0
এই জীৱনটো এক অগ্নিপথ
দীঘলীয়া মোৰ লক্ষপথ
নাই লগত কোনো ৰথ
আছে বাধাৰে পৰ্বত ৷

সময়ৰ টিকনি আগত সদায়
পখিলাই কাণেকাণে কয়
কালিলৈ মানে আজিয়ে কৰা
আজি মানে এতিয়াই কৰা ৷

গাবলৈ আছে বহু গান জীৱনৰ গান 
মানুহৰ গান সুখৰ গান 
আছে লিখিব বহুতো কবিতা 
জীৱনৰ সফলতাৰ , বিফলতা ৷

লক্ষ্যপথ বহু দূৰত 
থমকি নৰবা ভয়ত 
সফলতা নিচেই কাষত 
আত্মা বিশ্বাস জগোৱা মনত 
বুলি নিজকে সান্তনা দিওঁ ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)