আজি দিনটোৰ বিশেষত্ব ২২ মে'

©Admin
0

👉আজি ২০২০ চনৰ মে' মাহৰ ২২ তাৰিখ, শুক্ৰবাৰ। বছৰটোৰ ১৪৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ২২৩ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ জেঠ মাহৰ ৮ তাৰিখ। 
✍আজি আন্তৰ্জাতিক জৈৱ বৈচিত্ৰতা দিৱস।

✍ আজি শ্ৰীলংকাত গণতন্ত্ৰ দিৱস।

✍১৭৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজ সংস্কাৰক ৰাজা ৰাম মোহন ৰয়ৰ জন্ম হয়। তেওঁ সতীদাহ প্ৰথা বিলুপ্ত কৰাৰ প্ৰচেষ্টাৰ বাবে সবাতোকৈ বেছি বিখ্যাত হৈছিল।

✍১৫৪৫ চনৰ আজিৰ দিনটোতে সুৰ বংশৰ প্ৰথম সম্ৰাট শ্বেৰ ছাহ ছুৰীৰ মৃত্যু হয়। 

✍১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক কনকলতা মহিলা নগৰীয়া সমবায় বেংকৰ প্ৰতিস্থা কৰা হয়।লখিমী বৰুৱা হ'ল এই বেংকৰ প্ৰতিস্থাপক । ১৯৯৮ চনৰ ২২ মে তাৰিখে সমবায় সমিতি আইন-১৯৪৯ৰ অধীনত এই বেংক স্থাপন কৰা হয়। পাছলৈ ২০০০ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰিজাৰ্ভ বেংকে বেংকিং ব্যৱসায় আৰম্ভ কৰিবলৈ এই বেংকক লাইচেঞ্চ প্ৰদান কৰে। 

✍১৮৪৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটেণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।

✍১৯০৬ চনৰ আজিৰ দিনটোতে ৰাইট ভাতৃদ্বয়ে Flying-Machine ৰ পেটেণ্ট লাভ কৰে।

✍১৯৯০ চনৰ আজিৰ দিনটোতে উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰিক ৰাষ্ট্ৰ গঠন হয়।

✍২০০০ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।

✍ ১৯৬০ চনৰ আজিৰ দিনটোতে ৯.৫ প্ৰাৱল্যৰ এক ভূমিকম্পই চিলিক জোঁকাৰি যায়।বৰ্তমানলৈকে হোৱা ভূমিকম্পৰ ভিতৰত ইয়েই আটাইতকৈ বেছি তীব্ৰ ভূমিকম্প।

■আজি য়েমেনৰ ৰাষ্ট্ৰীয় দিৱস।

■ আজি আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱস।

■১৫৪৫ ভাৰতৰ শূৰ বংশীয় সম্ৰাট, দক্ষ প্ৰশাসক শ্বেৰ শ্বাহৰ মৃত্যু।

■ ১৭৭২ পণ্ডিত ৰাজা ৰামমোহন ৰায়ৰ জন্ম।

■১৮১৯ বিজ্ঞানী এৰিকছনে নিৰ্মাণ কৰা"এছ এছ ছাভানা ""নামৰ জাহাজেৰে ভাপচালিত জাহাজৰ যাত্ৰাৰ আৰম্ভণি।

■১৯৬১ সৰ্বভাৰতীয় প্ৰাচ্য সন্মিলনীৰ ভাৰতীয় ভাষাসমূহৰ মাজত শ্ৰেষ্ঠ গ্ৰন্থখনৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।

■ ১৯৮৯ ভাৰতীয় ক্ষেপণাস্ত্ৰ""অগ্নি""ৰ পৰীক্ষামূলক উৎক্ষেপণ।

■২০০৪ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ড:মনমোহন সিঙৰ শপত গ্ৰহণ।

■ ২০০৯ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে ড: মনমোহন সিঙৰ শপত গ্ৰহণ।

■২০১৪ গুজৰাটৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ৰূপে আনন্দিবেন পেটেলৰ দায়িত্ব ভাৰ গ্ৰহণ।

■২০১৬ অসমীয়া ছবি বৰ্ষাৰণ্যলৈ মেক্সিকো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ বঁটা।

■২০১৮অৰুণাচলৰ পাচিঘাটলে এয়াৰলায়েন্সৰ এখন বিমানেৰে যাত্ৰা আৰম্ভ কৰি ৰাজ্যখনলৈ বাণিজ্যিক বিমান সেৱা মুকলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)