মোৰ বয়স তেতিয়া দহ বছৰ মান হ'ব । আমাৰ ঘৰ আছিল গাঁৱত । সৰুৰে পৰা জীৱ-জন্তু, প্ৰাকৃতিক পৰিৱেশৰ লগত ওমলি জামলি ডাঙৰ হোৱা এক পৰিপূৰ্ণ শৈশৱ । মোৰ মা বৰ জন্তু প্ৰেমী আছিল । আমাৰ ঘৰত ঘৰচীয়া প্ৰায় সকলো জন্তু আৰু পক্ষীয়েই আছিল । মাজে মাজে ভাটৌ, শালিকা আদি চৰাই ও আমাৰ ঘৰত আছিল । গাঁৱত কোনোবাই চৰাইৰ কণী বা পোৱালী পালেই মোৰ মাক দি গৈছিলহি । এবাৰ ওচৰৰ ঘৰৰ ল'ৰা এজনে আমাক চিঞৰি চিঞৰি মাতিলে, বোলে আমাৰ বাৰীত কাউৰীয়ে এটা চৰাইৰ পোৱালি খুটি আছে । আমি দৌৰি গৈ দেখিলোঁ এটা অদ্ভুত ধৰণৰ চৰাইৰ পোৱালি । তেতিয়ালৈকে সচাঁসচিকৈ দেখাই পোৱা নাছিলোঁ । তাৰ পাখিবোৰ গজাই নাছিল ভালকৈ । দেখাত অলপো মৰমলগা বিধৰ নাছিল । তাক পৰিচৰ্যা কৰাৰ দায়িত্ব মায়ে মোকে দিলে কাৰণ ভণ্টি আৰু ভাইটিহঁত সৰু সৰু । মায়ে বুজাই দিলে যে সেইটো আছিল ফেঁচাৰ পোৱালি । যেই নহওক, মনত বৰ ৰং পালোঁ । পিছে হ'লে কি হব তাৰ খাদ্যৰ তালিকা খনেহে বিপদত পেলালে । ভাত , চাউল একো নাখায় সি । তাক হেনো খুৱাব লাগিব কেঁচু, পোক পতংগ, মাখি আদি । মই যিহেতু তাৰ মালিকনী, তাৰ নামাকৰণ ময়ে কৰিলোঁ--"মনটি" বুলি । স্কুললৈ যোৱাৰ আগতে বাৰীত কেঁচু খান্দি, পোক পতংগ যি পাওঁ মই আৰু ভণ্টি দুজনীয়ে মিলি যোগাৰ কৰোঁ আৰু তাক খুৱাওঁ,তাক চাফা চিকুণ কৰি থৈ স্কুলত যাওঁ । স্কুলৰ পৰা আহি উধাতু খাই তাকে চাওঁ, সি ঠিকে আছে নে নাই । লাহে লাহে সি ডাঙৰ হ'বলৈ ধৰিলে, তাক নাম কাঢ়ি মাতিলে বুজি পোৱা হল আৰু পাখিবোৰ গজি দেখিবলৈ ভাল হৈ পৰিল । সি মূৰটো ইফালে সিফালে লৰাই লৰাই চকু দুটা এবাৰ ডাঙৰ এবাৰ সৰু কৰি দিয়া কাৰ্যটো চাবলৈ সচাঁকৈ বৰ আমোদজনক আছিল । ঘনাই ঘনাই তাক খুৱাই থাকিব লগা হৈছিল । আমাৰ পিছে পিছে সি চিঞঁৰি চিঞঁৰি ঘূৰি ফুৰিলে কেতিয়াবা আমি খং কৰোঁ । কেতিয়াবা তেনে কৰিলে সি ঠেঁহ পাতি মাটিত মৰাৰ দৰে পৰি ৰৈছিল অলপ সময় । এবাৰ বহু দেৰি তেনে কৰিলত মই বৰ ভয় খালোঁ । পানী ছটিয়াই, বিচি দিলত যেনিবা সি উঠিল । আৰু গালি নাপাৰো বুলি তাক ক্ষমাও খুজিলোঁ । মায়ে ক'লে, ফেঁচা লক্ষ্মীদেৱীৰ বাহন, বেয়াকৈ একো নক'বি । তেতিয়াৰ পৰা সি ডিমাণ্ড দিয়াৰ লগে লগে খানা হাজিৰ । মাজে মাজে সি দিনৰ ভাগত উৰি গৈ ওচৰৰ চোম গছৰ ডালত পৰি থাকেগৈ । ভোক লাগিলে "চিক চিক" কৈ মাত মাতে, আমাক বিচাৰি ফুৰে আৰু গছৰ পৰা উৰি আহি গাত পৰেহি । সি যি জোপা গছতে নাথাকক কিয়, মনটি, মনটি বুলি মাতিলে উৰি আহি হাতত পৰেহি । মুঠতে সি আমাৰ পৰিয়ালৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিল । মই তাৰ প্ৰতি থকা দায়িত্বৰ বাবে আপোন মানুহবোৰৰ ঘৰত ৰাতি থকাকৈ বা দীঘলীয়া সময়ৰ বাবে নগৈছিলোঁ ।
সেই সময়ত গোটেই অঞ্চলটোৰ ভিতৰত ৰাইচ মিল কেৱল আমাৰ ঘৰতহে আছিল । দূৰ দূৰণিৰ পৰা মানুহে আহি ধানৰ বস্তা বোৰ জমা কৰি থৈ গৈছিল । নতুবা দেউতা স্কুলৰ পৰা আহি নোপোৱা লৈকে ৰৈ আছিল । মোৰ শিক্ষক দেউতাই আজৰি সময়ত এনেবোৰ কাম কৰি ভাল পাইছিল । বিনিময়ত অলপ পইচা ও উপাৰ্জন হৈছিল । আমি স্কুলত থকা সময়তে এদিন বেলেগ এখন গাঁৱৰ এজন মানুহ আহি ধান এবস্তা লৈ ৰৈ আছিল দেউতা আহি মেচিনত খুন্দি দিব বুলি । অলপ সময়ৰ পিছত তেওঁ খুব উৎসাহেৰে আৰু গৰ্বেৰে মাক মাতিলে- "বাইদেউ, বাইদেউ চাওকহি চোন কি পালোঁ ।" মা ভিতৰৰ পৰা ওলাই আহিল যি দেখিল, তেনেই থৰ লাগিল । তেওঁৰ হাতত আমাৰ মনটি, তেজে তুমুৰলী, পাখি কেইটা ওলমি আছে । মায়ে চিঞঁৰি উঠিল আৰু ক'লে--"হে হৰি, তুমি এয়া কি কৰিলা!!" চোতালত থকা ফলা শিলৰ দমটোৰ পৰা এটা শিল লৈ গছৰ ডালত পৰি থকা আমাৰ চৰাইটো মাৰি ধৰাশায়ী কৰি মানুহজনৰ কি পাশবিক পৰিতৃপ্তিৰ হাঁহি, সেয়া পাছত মাৰ মুখৰ বৰ্ণনাত আমি নিজে দেখা যেন অনুভৱ কৰিছিলোঁ । ঠিক আছে বাৰু, তেওঁ গম নাপালে সেইটো আমাৰ পোহনীয়া চৰাই বুলি, কিন্তু গছত পৰি থকা চৰাই এটা মাৰিবলৈ তেওঁৰ কিয় মন যাব লাগে । স্কুলৰ পৰা আহি আমাৰ সেইদিনা কি অৱস্থা হৈছিল নক'লেও অনুমেয় । কান্দি কাতি খং আৰু দুখত মই ভাত পানী নাখালোঁ । আমাৰ মুখেৰে সেই মানুহজনৰ প্ৰতি কিমান গালি বৰষিল তাৰ হিচাপ নাই । আমি ল'ৰা ছোৱালী কেইটাই মিলি তেওঁৰ নাম থলোঁ "ফেঁচুকলি" । তাৰ আন কিবা অৰ্থ আছে যদি নাজানোঁ, কিন্ত্ত আমাৰ মতে-- "ফেঁচা নিধন কাৰী" । মানুহজনক দেখা পালেই সেই কথাটো মনত পৰি কেই বছৰ মানৰ আগলৈকে খং উঠিয়েই আছিল । এতিয়া তেওঁক ক্ষমা কৰি দিলোঁ । কিন্তু কম সময়ৰ ভিতৰতে মোৰ বুকুৰ আপোন হোৱা সেই ক্ষুদ্ৰ জীৱটো এতিয়াও স্মৃতিৰ পাতত সজীৱ হৈ আছে । তাৰ স্পৰ্শ, মৰমৰ আব্দাৰ, মাত, দুচকুৰ চাৱনি এতিয়াও মই পাহৰিব পৰা নাই ।
📝ডঃ কুঞ্জলতা গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ