অতীজত মাজুলীৰ ফুলনি গাৱঁত এঘৰ মানুহৰ ঘৰত হোৱা সত্য কাহিনী । সেই গাওঁখনত এহাল বৰ দুখীয়া মুনিহ আৰু তিৰােতাই বাস কৰিছিল । মতা মানুহজনে সদায় তেওঁলােকৰ গৰুহাল এখন পথাৰত এৰাল দিছিল । যি ঠাইত এৰাল দিছিল - সেই ঠাইত আন বহু মানুহেও গৰু এৰাল দিছিল । সদায় যায় সেইদৰে গৰুহাল এৰাল দিয়ে ।
এদিনাখনৰ কথা । তেওঁ গৰু হাল নি ভালদৰে খুটি ডালত বান্ধি "টঙনামাৰী" ডালেৰে খুটিডালত মাৰি আছিল - তেনেতে হঠাৎ মন কৰিলে যে," অ সেই টঙনামাৰীডাল সোণৰহে দেখুন !! সোণেৰে নিৰ্মিত বুলি জানি তাৰ পিছত
তেওঁ সেইডাল ঘৰলৈ লৈ আহিল । মনে মনে বহুত ভাল পালে । আসঃ মই সোণৰ মাৰি এডাল পাই গলো । তাৰ পিছৰ পৰা সেই টঙনামাৰীৰ সােণ অলপ অলপকৈ বেচি বহুত ধন পালে আৰু মানুহ ঘৰৰ অৱস্থা নদন - বদন হৈ আহিল । অৱস্থাপাতি দিনে-দিনে ভাল হৈ আহিবলৈ ধৰিলে ।তেওঁলােক ধনী হৈ গ'ল । বহুত ভালকৈ চলিবলৈ
ল'লে ।
কিন্তু, তাৰ কিছুদিনৰ পিছৰ পৰা অনুভৱ কৰিলে যে , তেওঁলােকৰ সন্তান জন্ম হলেই মৰি যায়। তেনেদৰে কেইবাটাও পুত্ৰ সন্তান জন্ম দিলে - কিন্তু প্ৰতিটাে সন্তানেই জন্মৰ পাছতেই মৰি থাকে ।
তেনেদৰে কিছুবছৰ যোৱাৰ পাছত তেওঁলােক আকৌ আগৰ দৰে দুখীয়া হবলৈ আৰম্ভ হ'ল । তেওঁলোকে প্ৰথমে সেই কথাবােৰ বুজি পোৱা নাছিল । পুনৰ সেই আগৰ দৈন্যতাই দেখা দিলে । সেই টঙনামাৰীডাল দেও -ভূতে লম্ভা মাৰী আছিল বুলি মানুহে কয় - তাৰ বাবেই দুখীয়া হোৱা বুলি বিশ্বাস কৰিছিল ।
মুখে মুখে সংগ্ৰহ কৰা কাহিনী। সত্যৰ ওপৰত আধাৰিত ১৯০০ শতিকাৰ কাহিনী
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ