আশাৰ কঠীয়া

©Admin
0
 

যোৱাবছৰ দোকোলটকা বানে 
তাৰ সপোনবোৰ খৰ্বস্বত কৰাৰ কথাবোৰ 
সি পাহৰা নাই 
কিদৰে চকুৰ আগত ডুব গৈছিল
গৰ্ভৱতী পথাৰখন
চাৰখাৰ হৈছিল আশাবোৰ ।

অথচ তাৰ মনত আকৌ গজিছে
হেপাঁহৰ গছ
হয়তোবা জীৱনদায়িনী পানীয়েও
নিজৰ যৌৱনৰ উচ্ছল গতিত
হ'ব পাৰে বিষাদৰ বান....... 
শইচৰ আশাবোৰেও তেতিয়া 
বোৱাইছিল 
চকুলোৰ বান।

তাৰ পিছতো 
তাৰ আশাবোৰ আজিও সেউজীয়া 
হেপাঁহৰ স্বপ্নৰে সি সিঁচিব
আশাৰ কঠীয়া
লানি লানিকৈ ৰুই যাব
সম্ভাৱনাময় 
জীৱনৰ সঁচ।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)