ওকণি

Rinku Rajowar
0
     মোৰ মূৰৰ ওকণি
     কিমান যে সিহঁতৰ ফুটনি  ,
     চুলিৰ মাজত
     লুকাই থাকি
     কিমান যে কৰে আমনি  |
     পিয়াজলী ,
     লেখি ,
     বিৰা
     এয়া ওকণিৰ নাম  |
     মূৰৰ পৰা তেজ খায়
     কৰে সিহঁতে আৰাম  |
     চুলি মেলি আবেলি
     মায়ে বহি চায়
     নখৰ মাজত হেচি ধৰে
     যায় সিহঁতৰ প্ৰাণ  |
     কাৰোৰে মূৰত
     নহওক জাতে
     এইবিধ প্ৰাণীৰ বাস
      নহলে যে যায়
      খজুৱাই সৰ্বনাশ  |

   📝প্ৰতিষ্ঠা প্ৰিয়দৰ্শিনী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)