প্ৰযুক্তিৰ উপহাৰ স্বৰূপ যন্ত্ৰৰ
চুইচ টিপিলেই সপোন
দিঠক হোৱাৰ সময়
যন্ত্ৰৰ খট্ খট্ শব্দবোৰে
মানুহৰ মুখৰ শব্দবোৰ
ম্লান পৰাৰ সময়
প্ৰযুক্তিৰ প্ৰভাৱে সমাজ
জীৱনৰো পৰিবৰ্তন আনিছে।
জীৱন যাপনৰ শৈলীত
নতুন পথক সন্ধান দিছে
মানুহৰ মনৰ মাজুলীত
প্ৰযুক্তি বিদ্যা সোমাই পৰিছে
প্ৰযুক্তিৰ অবিহনে যেন
মানুহৰ জীৱন যাএা
অচল হৈ পৰিব
তথাপি ভয় শংকা
প্ৰযুক্তিয়ে আনিব নেকি?
নিলাজ ভয়াবহ ধুমুহা
এতিয়া প্ৰযুক্তিৰ যুগ ।
📝 মাৰলিন মুণ্ডা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ