এটুপি চকুপানী দিয়া

Rinku Rajowar
0
এদিন আবেলি 
ঘটনাটো ঘটিছিল!

পাহাৰটোৰ হেলনীয়াৰে 
বুৰ যোৱা এটা বেলিৰ 
দৰে গুছি গৈছিল তাই ৷

যিবোৰ কথাই আজিকালি
মোৰ মনটো কুটি কুটি 
খাই,
উশাহবোৰো ঘন হৈছে 
ঘন হৈছে....
বহুত বেছি ৷

আমাৰ সম্পৰ্ক আছিল
এখন নদীৰ দৰে,
অথচ 
এতিয়া মই সেই নদীৰ
এখন শূন্য পালতৰা 
নাও ৷

যোৱাৰাতি কি 
দেখিলো সপোনত!

চাওঁ নেচাওঁকৈ 
তোমাৰ চকুলৈ 
চালোঁ,
অ'মোৰ প্ৰিয়তমা 
চকু মেলি চোৱা ৷

যিহেতু আমি কাহানিও
এটুপিও চকুপানী নুটুকিলো,
আজি এটুপি চকু পানী
দিয়া 
একেলগে কান্দো দুয়ো ৷

কিয় ইমান বিষাদ,বিষণ্ণতা!
গোটেই ৰাতি টোপাটোপে 
মোৰ চকুৰ পৰা 
পানী পৰিছিল ৷

তুমি ক'ত
তুমি 
মোৰ 
স্বপ্ন-দুঃস্বপ্ন ৷

📝প্ৰণৱ খাৰজাৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)