দিহিং পাটকাই পৰিৱেশ নিয়ন্ত্ৰণকাৰী

©Admin
0
পূৱ প্ৰান্তৰ-আমাজান খ্যাত
বৰ্ষাৰণ্য দিহিং পাটকাই আছে বাবেই
অসমৰ জলবায়ু - পৰিৱেশ ইমান সুচল ।

দিহিং নাথাকিলে 
অসমৰ জলবায়ু ধ্বংশ হব ।
চেষ্টা কৰা বুজিবলৈ, 
পাটকাই আছে বাবেই
বৃষ্টিভৰা পৰিৱেশ আছে ॥

দিহিং পাটকাই 
তুমি অসমৰ পিতৃ- পিতামহ
ৰক্ষাকৰ্ত্তা, ত্ৰাণকৰ্ত্তা ॥


দিহিং পাটকাই পূৱ - প্ৰান্তৰ প্ৰহৰী তুমি
উত্তৰ পূৱৰ আমাজান 
উত্তৰ পূৱৰ ৰক্ষাকাৰী ।

পাটকাইৰ বাবেই
অসম সেউজীয়া হব পাৰে  ।


কয়লা নহলেও জীৱ পাৰি ।
অন্নস্থান - বসতি স্থান
ধ্বংশ হ'ব, যদিহে পৰিৱেশ নাথাকে ।

ভয়াবহ জলবায়ু সংকটৰ গৰাহত
অসম  তথা  উত্তৰপূৰ্ব্বাঞ্চলক
থেলি দিবলৈ ওলাইছা ।

এতিয়াও  সময় আছে
National Board of Wildlife,
"Go Back "
ধ্বন্নিৰে জাগা অসমীয়া
জাগা ডেকাল'ৰা ॥

পিতামহ, 
আমাজান - খ্যাত দিহিং পাটকাইক
বচাবলৈ ওলাই আহা ॥

যিদৰে উত্তৰ প্ৰদেশৰ "ৰেণীক"
প্ৰদেশৰ লোকে বচাইছিল ।
আমিও বচাও  দিহিং পাটকাইক ॥


৩০ টা প্ৰজাতিৰ পখিলা
৪৭ টা প্ৰজাতিৰ স্তন্যপায়ী
৫৭ টা প্ৰজাতিৰ উভচৰী
২৯০ বিধ  চৰাইৰ বিচৰণভুমি
১০১ বিধ দুষ্প্ৰাপ্য অৰ্কিডেৰে শুৱনি
হাজাৰ বন - বৃক্ষৰে সু- শুভিত
বৰ্ষাৰণ্য দিহিং পাটকাই -
৯৫ হেক্টৰ মাটিৰ বাসস্থান ধংশ হ'লে 
ক'ত থাকিব সিহঁত ??

বুদ্ধিজীৱি শুভ - চিন্তক
ভৱিষ্যত প্ৰজন্ম 
নাথাকিবা শুই ।
তোমালোকৰ জ্ঞানেৰে
বুজাই দিয়া
কিমান প্ৰয়োজন -দিহিং পাটকাই ?
যদিহে ৰক্ষাৰ মন্ত্ৰ মাতিব নোৱাৰা
কিহৰ বুদ্ধিজীৱি তুমি ?


আন এক প্ৰলয়ৰ সৃষ্টি হ'ব !!!!
জীৱৰ বাসস্থানৰ হাহাকাৰ হব !!!
মানুহৰ বসতি স্থানত জীৱই প্ৰৱেশ কৰিব
মিছাতে তেতিয়া বন-বিভাগক দোষীবা ॥

পাটকাই ধংশ হ'লে
অসম শুষ্ক হৈ পৰিব ।
অসম শুষ্ক হ'লে
নাঙলৰ শিৰলুত শস্য ন'হব
পথাৰ সেউজীয়া নহ'ব ।
ভৱিষ্যতে কাল -সংকটৰ মুখত পৰিম
এমুঠি অন্নৰ বাবে কৰ্ষণ কৰা
পৰিৱেশ নাথাকিব । 

নাথাকিবা অসমীয়া শুই ।
বিপদ সমাগত 
জাগা সমাজ !
জাগা বুদ্ধিজীৱি !
উঠিপৰি জাগো আহা !
পূৰ্বৰ আমাজান খ্যাত
দিহিং পাটকাইক 
খননৰ পৰা বচাবলৈ 
জা গা -  অ স মী য়া  - জা গা ।


📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)