ঈশ্বৰ আছেনে?

©Admin
0
আজি বহু দিন হ'ল ঈশ্বৰৰ সন্ধান কৰি ঘূৰি ফুৰা
কিন্তু ঈশ্বৰ আজি ক'ত,আছে নে বাৰু ঈশ্বৰ?

অপেক্ষা,বছৰ বছৰ অপেক্ষা কৰিলো!
মাথো এবাৰ ঈশ্বৰক লগ পোৱাৰ হেঁপাহ।
ক'ত আজি ঈশ্বৰ?

নে ঈশ্বৰেও জাতিৰ ভেদ-ভাব কৰি বহি আছে 
ওপৰত নিৰৱে নিশব্দে?

যেনেকৈ আমি জীৱ-শ্ৰেষ্ট মানৱ জাতিয়ে কৰোঁ
প্ৰশ্ন,মনত মাথো এটাই প্ৰশ্ন
ঈশ্বৰ আছে নে?

মোৰ বহু দিনৰ অপেক্ষা আৰু মনত গোপনে সাঁচি ৰখা প্ৰশ্নটোৰ উত্তৰ মই বিচাৰি পালো 
"অভিশপ্ত ২০২০"

দেখিছো মই ঈশ্বৰক কিন্তু মন্দিৰ,মজজিদ অথবা গীৰ্জাত নাইবা ধৰ্মীয় অনুষ্ঠানত নহয়!
ঈশ্বৰক দেখিছো মই হাস্পতালত।

হাতত গ্লোভ্‌চ,চকুত চশ্‌মা আৰু পিন্ধনত এজোৰ বগা সাজ।
দিনে নিশাই আপ্ৰাণ চেষ্টা চলাইছে ভক্ত গনক পুনৰ জীৱন দান দিবলৈ
মহামাৰী কৰু'ণাৰ পৰা ৰক্ষা কৰিবলৈ।

তেওঁ কোনো জাতিৰ ভেদ-ভাব কৰা নাই
তই হিন্দু,মই মুছ্‌লিম,তই খ্ৰীষ্টান,মই মিচিং বুলি।

কিন্তু,কিন্তু আমি জীৱ-শ্ৰেষ্ট মানৱ জাতিয়ে কিয় ভেদ-ভাব কৰোঁ,
কিয় ভাগ-বতৰা কৰোঁ?
হিন্দু,মুছ্‌লিম,বঙালী,মিচিং, ৰাভা,গাৰু,তিৱা বুলি কিয়?
মানৱ জাতিক জীৱ-শ্ৰেষ্টৰ আখ্যান দিছিলে ঈশ্বৰে
কি জাতিৰ ভেদ-ভাব কৰিবলৈ?
আন কিবা কৰিবলৈ নে হত্যা ধৰ্ষন,লুণ্ঠন কৰিবলৈ,কিয়?

মন্দিৰ,মজজিদ অথবা গীৰ্জাত ঈশ্বৰক নোপোৱা আজি 
পাবা হাস্পতালত
বগা পোছাক পৰিধান কৰি আছে ঈশ্বৰে
না খাবলে সময়,না শুবলে,না ক'বলৈ সময়,না চাবলৈ।
আপ্ৰাণ চেষ্টা চলাইছে মাথো 
জীৱ-শ্ৰেষ্ট মানৱ জাতিক পুনৰ জীৱন্ত ৰূপ দিবলৈ।

হেৰৌ জীৱ-শ্ৰেষ্ট মানৱ জাতি নকৰিবা প্ৰশ্ন ঈশ্বৰক
যদি ঈশ্বৰ ক্ষোভিত হয় তেনেহ'লে সমগ্ৰ বিশ্ব শ্মশানলৈ পৰিণত হ'ব।

আৰে গণিব নোৱাৰা হ'বা মৃত্যুৰ সংখ্যা 
হাতৰ আঙুলিৰ মূৰত
চাৰিও ফালে হাহাকাৰ মাথো হাহাকাৰ।
তাণ্ডৱ হ'ব মৃত্যুৰ,তাৰ বাহিৰে সকলো শূন্য।

আকৌ এবাৰ কৈছো নকৰিবা প্ৰশ্ন ঈশ্বৰ আছে নে বুলি?

এবাৰ গৈ চোৱা হাস্পতাললৈ 
জীৱন্ত ঈশ্বৰক দেখা পাবা 
শিলৰ মূৰ্তিৰ ৰূপত নহয়।
যোৱা যোৱা এবাৰ গৈ চোৱা।

📝দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)