মই কবি হ'ব খোজা নাছিলোঁ
ভাবৰ বুৰবুৰণিৰে শব্দৰ মালা গাঠিবলৈ
মই বিছৰা নাছিলোঁ
বুকুৰ মাজত তোলপাৰ লগোৱা
বিৰহৰ নৈ বোৱাবলৈ
বিচৰা নাছিলোঁ ওৰেতো জীৱন
যন্ত্ৰণাৰ সাগৰত ডুব গৈ
থকা ভেটা ভাঙিবলৈ ।
মাথোঁ বিছাৰিছিলোঁ
পৃথিৱীৰ মৰমবোৰ বুটলি এধাৰি সুকোমল মালা গাঠিবলৈ।
বুকুত সাজিব খুজিছিলোঁ এক বিশাল প্ৰেমৰ তাজমহল।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ