মই সেউজীয়া প্ৰেমীক

©Admin
0

মোৰ ককাদেউতাৰ দিনৰে পৰাই
বৰ্তমান এতিয়ালৈ
চাহ গছ বোৰেই আমাৰ জীৱন
ক'ত বাৰ বৰষুণত ভীজে আৰু শুকে
সেউজীয়া উদ্ভিদ বোৰ
কিন্তু এইয়া আমাৰ প্ৰাণবায়ু
আমাৰ পানীয় খাদ্য
গভীৰতকৈয়ো গভীৰ সম্পৰ্ক
ঘামৰ টোপাল বোৰ মিলিত হয়
সলনি হয় গাৰ ৰং
তথাপিও এৰিব নোৱাৰোঁ
এইয়া আমাৰ জন্ম স্বীকৃতি
আমি চাহ জনগোষ্ঠী।
চাহ পাতৰ গোন্ধই এক সুকীয়া
আমেজ দি যায়
আমি সেই তাহানিৰে পৰাই শোষিত হৈছোঁ
আৰু আজিও
তথাপিও অৱহেলিত চাহ জনগোষ্ঠী
সেউজীয়াৰ সৈতে আজীৱন
জীৱন যুদ্ধত অৱতীৰ্ণ হোৱা
সেইসকলৰ পৰিচয় এতিয়াও
বিশ্ব দৰবাৰত।
পৰিয়াল পোহপাল দিয়ে
১৬৫ টকা হাজিৰা ৰে
কোনেও উভতি নাচায়
সকলোৱে কথা কয় যায়
কথাবোৰ শেষ কেতিয়াও নহয়
কিমান কৰিব ধৰ্না প্ৰতিবাদ
তথাপিও এক নিষ্ঠাৰে কামতেই মগ্ন
স্কুলীয়া শিক্ষা আধাতে এৰি
যায় বাগানলৈ টুকুৰি ধৰি
নহ'লে যে এমুঠি অন্নৰ বাবে
লাগে হাহাকাৰ।।

📝অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)