আৰু কিমান ভুলাবা
তোমাৰ কলিজাটো
গছৰ ডালতে আছে বুলি
নদীৰ কাষৰ গছজোপা
যিদিনা গৰা খহাদি
নদীৰ বুকুত বাগৰি পৰিব
তোমাৰ কলিজাটো
ঘৰিয়ালৰ পৰিবাৰে
ভক্ষন নকৰিব জানো
তেতিয়া তোমাৰ
কুট কৌশলেৰে
পানীতে থাকি পাৰিবা জানো
আশ্রয়ৰ থলী গছডালৰ
সতে আকৌ এবাৰ
গছডাল জাহ নৌ যাওঁতেই
মুক্ত বতাহ জাকৰ লগত
সহবাস কৰিব পাৰিলে
তুমি দেখিবা
সেউজীয়া আভাই
আবৰি ধৰিছে
তোমাৰ চৌদিশ |
📝 হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ