নিদিবা

©Admin
0
 কাকো নিজত কৈ বেছি 
    আপোন হব নিদিবা ,
আপোনে দাপোনৰ দৰে
     চিৰা চিৰি কৈ ভাঙে হিয়া ।

কাকো নিজতকৈ বেছি
     বিশ্বাস নকৰিবা ,
কৰিলে আতাইতকৈ 
         তুমিয়েই দুখি হবা ।

কাকো হিয়া উজাৰি
       মৰম নিদিবা ,
দিলে গৰম কৰিব
        তোমাৰ মাথা ।

কাকো নিজৰ দুৰ্বলতা
       দেখাই নিদিবা ,
দেখালে নিজে বুজিবা 
        চকুলো  বব নদী হৈ ।

নিজৰ বুলি পৰিচয়
     যাকে দিবা ,
 সপোন যেন এইয়া
      ভাবিবলৈ দেৰি নকৰিবা ।


📝শ্ৰীমতী ৰিমকি চুতীয়া
 ধেমাজি, চিচিবৰগাওঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)