এটি কুঁহি দুটি পাতত আঙুলি নচুৱাই
ব্যস্ত হৈ থাকো
সেউজীয়াবোৰে যেন
মোৰ বুকুতো ৰুব খোজে
সেউজীয়াৰ গছ....
মোৰ মনগহ্বৰত লুপ্ত
সপোনবোৰো যেন
এটি কুঁহি দুটি পাতৰ দৰেই
লহপহকৈ বাঢ়ি আহে .....
মই মনৰ ভিতৰতে
গৰ্ভপাত কৰো সপোনটোৰ
তই চাক্ষুস সাক্ষী হৈয়ো
নীৰৱ.....
কাৰণ তই ভালকৈয়ে জান
সিহঁতৰ দৃষ্টিত
মোৰ জীৱনৰ মূল্য ?
সেয়েহে বাৰে বাৰে হত্যা কৰোঁ
সপোনটোক
কিজানি সপোনটোৰ বাবে
সিহঁতে মোৰ জীৱনটোকেই
হত্যা কৰে
তই তেতিয়াও মৌনতাৰে
নজনাৰ ভাও জুৰিবি নেকি?
শিৰীষ
তইয়েই মোৰ জীৱনৰ ছাঁ
সুখ -দুখৰ আধাৰ
তই হাজাৰবাৰ চিঞৰিলেও
সিহঁতে জানো তোক শুনিব....
সিহঁতবোৰৰৰ কাৰণেতো
তই এজোপা গছৰ বাদে
একো নহয়!
নাই, তই এনেকৈয়ে থাক
তোৰ ছত্ৰছায়াতেই লুকুৱাই ৰাখ
মোৰ সপোনৰ মৃতদেহবোৰ।
তোৰ বুকুতেই ওলমি থাকক
মোৰ জীৱন.....
📝দীপাৱলী কুৰ্মি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ