মনত অলেখ প্ৰশ্নলৈ তোমাৰ আগত নিজক দাঙি ধৰিছিলো।
খোলা কিতাপৰ দৰে পঢ়ি গ'লা মোৰ জীৱনৰ অজুত কাহিনী।
তোমাৰ শক্তিশালী ব্যক্তিত্তৰ আগত মই আছিলো তেনেই নিম্ন।
তুমি তোমাৰ বহল হৃদয় খনত মোক অলপ জীৰাব দিছিলা।
সেই দিনা উপলব্ধি কৰিছিলো যে
মোৰ জীৱনত তোমাৰ প্ৰয়োজনীয়তা কিমান?
গভীৰ ব্ৰটবৃক্ষৰ দৰে তোমাৰ অস্তিত্ব।
মই বাৰুকৈয়ে প্ৰভাৱিত হৈছিলো।
আৰু তোমাৰ কোমল পৰশে মোৰ হৃদয়ত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল।
তুমি মোৰ বাবে আছিলা, ভগৱানে দিয়া অমূল্য উপহাৰ।
যাক নুই কৰাৰ ক্ষমতা মোৰ নাছিল।
তোমাৰ মানৱতাক মই প্ৰেম বুলি ধৰিলো।
আৰু এইয়াইটো মোৰ চৰম দুৰ্বলতা আছিল।
তোমাক হেৰুৱাৰ ভয়ত মই সদায় নিজক নিৰাপদ স্থানত ৰাখিছিলো।
যাতে তোমাৰ চকুত ধৰা নপৰে মোৰ আকাংশিত আশা বোৰ।
কিন্তু তুমি সম্পূৰ্ণ পৃথক আছিলা মোৰ ভাৱধাৰা বোৰৰ পৰা।
তুমি ধৰিব পাৰিছিলা মোৰ জাগ্ৰত পূৰ্ণ বুৰবুৰণি বোৰ।
মাথো তুমি নজনাৰ ভাও ধৰিছিলা।
সচাঁকৈ তোমাক ইমান কাষত থাকিও বুজিব পৰা নাছিলো।
তুমি কেতিয়াও বিচৰা নাছিলা,মই তোমাৰ প্ৰেমত প্ৰতাৰিত হোৱাটো।
তুমি মোক মাথো শিকাইছিলা জীৱনটো প্ৰত্যাখান হিচাপে ল'বলৈ।
তুমি মোক ঠন ধৰিবলৈ শিকাইছিলা।
চকুৰ পানীৰে নহয় এমুকুৰা হাঁহিৰে জীৱন জিনিবলৈ।
মোক সৃষ্টি কৰি তুমি আঁতৰি গ'লা।
কিন্তু দি গ'লা জীৱন জীয়াই থকাৰ সৰল সমীকৰণ।
আৰু তুমিয়েইটো শিকালা মানুহৰ প্ৰেমত নহয়
জীৱনৰ প্ৰেমত পৰাটো হে স্বৰ্গীয় প্ৰেম।
আজি তুমি নহ'লে মই পিছল খাই নপৰো।
শিকি গ'লো এখোজ-দুখোজ কৈ আগবাঢ়ি যাবলৈ।
জীৱনৰ হাজাৰটা বান্ধোনৰ পৰা নিজক মোকলাই আনিবলৈ।
এইয়াওটো তোমাৰেই দান।
📝 প্ৰিয়ংকা প্ৰিয়া ভূঞাঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ