আকৰ্ষণৰ সিদ্ধান্ত - সফলতাৰ ৰহস্য (খণ্ড - ০৬)

©Admin
0

কৰ্ম / পৰিশ্ৰম

আপুনি আকৰ্ষণৰ সিদ্ধান্তৰ নিয়মমতে ইচ্ছা প্ৰকট কৰি সেই বিশ্বাসও কৰিছে আৰু আপোনাৰ বস্তুটো পোৱাৰ সপোন বিচনাত শুই বহি আৰামত চাই কল্পনা কৰি সুখ

অনুভৱ কৰি দিন কটাই আছে কাম একোৱে কৰা নাই তেনেহ'লে আপোনাৰ সপোন বাস্তৱায়িত কেতিয়াও নহব আপোনাৰ মনৰ কল্পনা মনতে থাকি যাব কিয় নহব সেইটো

বুজিবলৈ কাহিনী এটাৰ উদাহৰণ দিয়া হ'ল -এখন গাৱঁত এজন ইশ্বৰ প্ৰেমী ভক্ত আছিল সি সদায় ইশ্বৰক পূজিহে মুখত অন্ন দিছিল দিনটোত চাৰিটা সময়

পূজা কৰিছিল ৷ এদিন গাৱঁত ধাৰাসাৰে বৰষুণ দি বানপানীৰ সৃষ্টি হ'ল ঘৰত যেতিয়া বানপানী সোমালে লৰালৰিকৈ ভক্তজন ঘৰৰ মুধচত উঠিল আৰু ইশ্বৰক প্ৰাৰ্থনা কৰাত লাগিল এইফালে বানপানীৰ পৰিমাণ বাঢ়িগৈ আছে সেই সময়তে নাও এটা আহিল ভক্তজনক নাওখনত উঠিবলৈ কোৱাত ভকতজনে ক'লে মোক ইশ্বৰে আহি ৰক্ষা কৰিব আপুনি যাওক " ভকতজনৰ কথা শুনি মুৰ্খ বুলি কৈ থৈ গুচি গ'ল ৷ পানী ইতিমধ্যে ককাল চুইছেহি কিন্তু অন্ধ ভক্তই ইশ্বৰক প্ৰাৰ্থনা কৰি আছে " হে ইশ্বৰ ৰক্ষা কৰক মই আপোনাৰ প্ৰিয় ভক্ত " আকৌ এটা উৰাজাহাজ আহি তাক উঠিবলৈ ক"লে  "আপুনি ইয়াত উঠবক পানীত ডুব যাব " কিন্তু অন্ধ ভক্তই একেষাৰে কথাকে কোৱাত জাহাজ গুচি গ'ল শেষত পানীয়ে ভকতক উটুৱাই নিলে ৷

মৃত্যুৰ পাচত আত্মাটো স্বৰ্গত গৈ পালে আৰু অতি ক্ষোভ আৰু খঙেৰে ক'লে " প্ৰভু তুমি মোৰ লগত অন্যায় কৰিলা মই ভোকে লঘোনে থাকিও পুজিছিলো বিপদৰ সময়ত মাতিলো তুমি মোক ৰক্ষা নকৰিলা 

কিয় প্ৰভু ? ইশ্বৰে তাক কাণতলীয়া এটা শোধালে আৰু ক'লে " মুৰ্খ মানৱ মই দেখোন গৈছিলো নাও আৰু জাহাজখন লৈ কিন্তু তুমি অন্ধ ভক্তিৰে চুৰ্ণ হৈ নাও আৰু জাহাজক উভতটাই দিছিলা এতিয়া ভাৱাচোন যেতিয়া প্ৰথম পানী ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তু ঘৰৰ মুধচটোত উঠিছিলা তেতিয়া তোমাৰ প্ৰাণ ৰক্ষা পৰিছিল কিন্তু পিছত নিজক অকণমানো বচাবলৈ প্ৰয়াস নকৰি মোকে প্ৰাৰ্থনা কৰি থাকিলা সুবিধা পায়ো নিজকে ৰক্ষা নকৰিলা তাৰমানে তুমি কৰ্ম নকৰাকৈ ফলৰ আশা কৰাটো তোমাৰ ভুল আৰু মুৰ্খতা আৰু নিজৰ ভুলত প্ৰাণ হেৰুৱাই মোক দোষী আৰোপ কৰিছা এই জগতৰ নিয়ম কৰ্ম যিমান পৰিমাণে কৰিবা সিমান পৰিমাণে ফলো পাবা ৷

             আগলৈ

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)