শব্দহীন কবিতা

©Admin
0
হৃদয়ৰ মাজত অনুভৱ হয়
শব্দহীন কবিতা অথচ
শব্দই আঘাত কৰি কয়,লিখা কবিতা
এটা নহয় দুটা নহয় হাজাৰ হাজাৰ
বতাহৰ সতে কথা পাতিবলৈ শিকা
নৈৰ গতিত নিজকে এৰি দিয়া
কবিৰ সুখেই বা কি
মাথো  কেইটিমান শব্দতেই নেকি
কবিৰ সুখ ? কি
বিচাৰ আৰু জানিবলৈ শিকা
আকাশ , বতাহ , নদী, লতিকা
নাইবা কোনো কুলি কেতেকীৰ মাজত
আত্মাহাৰা হোৱা
পক্ষীৰ লগত কথা পাতিবলৈ শিকা
কবিতাৰ অৰ্থ জানা
কবিতাৰ ভাবাৱেগ বুজা
ফলি উঠা এপাহি ফুলৰ বিষয়ে
ভাবিবলৈ শিকা 
সৰি পৰা নিয়ৰৰ টোপালাবোৰ হিচাপ ৰাখিবলৈ শিকা
পুনৰ
শব্দই আঘাত কৰি কয়, লিখা কবিতা
এটা নহয় দুটা নহয় হাজাৰ হাজাৰ ।

📝 মাৰলিন মুণ্ডা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)