অচিনাকি পখিলা জনী

©Admin
0

পুস্পগন্ধাৰে ভৰা ফুলনি বাগিছাখনিত
মই তাইক দেখিছিলোঁ,
বৰ্ণনাহীন  সৌন্দর্যৰ বাগিচা খনিত
চাৰিওফালে  প্রকৃতি উখল  মাখল পৰিৱেশ। 
তাইক দেখি মই থমকি  ৰৈছিলোঁ।
অগনন  পখিলা ৰে ভৰা বাগিছা খনিত
মোৰ চকুযোৰি তাইৰ পৰা আঁতৰি আহিব খোজা নাছিল। 
তাইৰ ৰঙীন পাখিযোৰে মোৰ মন মুগ্ধ কৰি পেলাইছিল।  
লগৰীৰ  সতে   ফুলৰ ৰস বিচাৰি বিচাৰি ,
মোৰ চকুৰ পলকতে  তাই  হঠাৎ নিচিহ্ন হৈ পৰিছিল। 
ইফালে সিপালে  চালো নাই... 
নাই কতো নাই;
সময় বোৰ কেনেকৈ পাৰ হল গমকেই নাপালো।
তাই আঁতৰি যোৱাৰ দৰে 
বেলিটিয়েও লাহে লাহে আঁতৰি গল।
নাই তাইৰ নাম টো সোধা হল, 
নাই তাইৰ ঠিকনা; 
মাথোঁ মই  অকলশৰীয়া।
মোৰ অবুজন মনত হেজাৰ ভাবনা ভাহি উঠিছিল...
আৰু মই জানিছিলো সেয়া অসম্ভব!
ক'তনো বিচাৰি ফুৰিম তাইক?
মনটো যেন খেলিমেলি লাগিছিল
বেদনাৰে ওভতি আহিলো।। 
তাইক দেখাৰ প্রথম  ৰাত্রিত
শোৱাপাটীত পৰিছিলো যদিও,
অমানিশাৰ  নিঃশব্দ পৰিবেশ ত
যেন ময়েই জাগি আছিলো। 
ৰাতি ন-দহ বজাত good night ৰ 
 status লগাই টোপনি যাওঁ যদিও,
 অ'ত ৰাতি তাইৰ কথা ভাবি ভাবি
টোপনিবোৰো জাগিব  ধৰিছে!
গাৰুৰ তলত সাঁচি থোৱা
সপোন পৃষ্ঠাৰ ভাবনা বোৰ 
বহুত জটিল আৰু গভীৰ হৈ পৰিছে। 
অচিনাকি পখিলা জনী 
আজি যেন আপোন হৈ পৰিছে। 
হৃদয়ে গোপনে, নীৰৱে আজিও তাইৰ 
 নাম, ঠিকনা বিচাৰি ফুৰে। 
কেতিয়াবা বৰকৈ মনত পৰিলে 
হৃদয়ৰ সোঁমাজত  আঁৰি  থোৱা 
তাইৰ ছবিখনকে চাই
 মোৰ অন্তৰকে সুধো  ! 
আকৌ কেতিয়াবা তাইক 
লগ পাওঁ নেকি বুলি? 
কিন্তু কি যে হব? 
নাই তাইৰ নাম জানো, নাই ঠিকনা....
সেইবাবে নীৰৱে টোপনি গৈছোঁ
বিষাদৰ ৰাত্রিবোৰত..... 

📝বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)