এই সুন্দৰ সৃষ্টিৰ
জীৱকূলৰ আৰ্তনাদে চানি ধৰিছে পৃথিৱীখন কেৱল হাহাকাৰ আৰু আৰ্তনাদ
মানুহ মানুহৰ পৰা বিচ্ছিন্ন
নোৱাৰি কৰিবলৈ স্পৰ্শ
সেই স্নেহৰ পৰশেৰে
নি:স্তব্দ হৈ ৰ'ল ৰসাল সৃষ্টি।
সৌ---- কেইদিনমানৰ পূৰ্বে যি আছিল! হাতৰ স্পৰ্শত আশীৰ্বাদ
আজি সেই পৰশমণিৰ
স্পৰ্শৰ পৰা পৰিল বাদ।
এইয়া কি ভয়াৰ্ত বেশ
মাত্ৰ দুমাহে পৃথিৱীৰ
সকলো কৰিল নি:শেষ। আজি---
নাই কোনো উৎসাহ উদ্দীপনা ভগ্ন হৃদয় আৰু চৌপাশৰ নিৰ্জনতা
ক্ষন্তেকৰ মূৰে-মূৰে বৃদ্ধি হৈছে
কৰোনা সংক্ৰমণত
আজি----
বহু-বহু ভাৰতৰ সন্তান
নাই নিজ জন্মভূমিত
চাৰিওদিশে সিঁচৰিত হৈ পৰিল উদভ্ৰান্ত চুলিৰে উন্মাদ হৈ কৰোনা মহামাৰী।
সলনি হ'ল গোটেই বিশ্ব, সলনি হ'ল মানসিকতা,
দূৰত্ব বজাই ৰখাটোৱেই
হৈ পৰিল মানৱতা।
ইজনে-সিজনৰ ঘৰলৈ
যোৱা কৰিলে বন্ধ, প্ৰতিগৰাকী গৱেষককে
কৰিল জব্দ, প্ৰত্যেকৰ মুখে-মুখে
এটি মাত্ৰ শব্দ, কৰোনা,কোভিড ১৯।।
✍️প্ৰণামিকা দাস
গহপুৰ ,বিশ্বনাথ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ