লুকাই থাকে
এবুকু বেদনা ।
আশ্ৰয় দাতা গছজোপাৰ পৰা
বিচ্ছেদৰ বেদনা।
গজজোপাৰ পৰা
বিচ্ছেদ হোবাৰ দুখত
সিহঁতে নীৰবে উচুপে।
ফাগুণৰ পছোৱাই ধৰাশায়ী কৰা
সৰাপাত বোৰৰো পন আছিল
এদিন
বিকশিত অনুভৱৰ
এখিলা সেউজী পাত হৈ
চৌদিশ শ্যামলী কৰাৰ
পিছে ফাগুণৰ পছোৱাই আশাবোৰ যেন উৰুৱাই নিলে কোনোবা দূৰ দিগন্তলৈ
এতিয়া ফাগুণ বুলিলেই
সিহঁত শিয়ঁৰি উঠে
ফাগুণ মানেই নিৰাপওাহীনতা
আৰু
কাৰোবাৰ পদানত হৈ
আশা ভংগ হোৱা
এবুকু যাতনা......
এইয়া যে প্ৰকৃতিৰ
অমোচনীয় নিয়ম
সেই কথা সিহঁতেও জানে
তথাপি
পাৰভাঙি লোতক নিগৰে
সেইয়া জানো
বুজে কোনোবাই ৷
📝বিতোপন চবৰ (ডিব্ৰুগড়)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ