ইমান এন্ধাৰ
একো মনিব নোৱাৰি |
পাক ঘৰত এন্ধাৰ ,
খোৱা ঘৰত এন্ধাৰ
পিন্ধা ঘৰত এন্ধাৰ
অহা--যোৱাত এন্ধাৰ
কেঁচু পিচল বাট
মনৰ পোহৰেহে চাব পাৰি
অন্তৰৰ বাট |
মনৰ চোতালত
আউঁসীৰ এন্ধাৰ হলে
মনৰ জোনাকেৰে
পোহৰাব পাৰি জীৱনৰ বাট |
📝হেমেন হাজৰিকা ,মিৰ্জা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ