মহানায়ক - এটা অৱাস্তৱিক ধাৰাবাহিক ,খণ্ড- ০৭

©Admin
0

" মহানায়ক " ধাৰাবাহিকত কাহিনী এতিয়ালৈকে - গোটেই বিশ্বতে কৰ'না ভাইৰাছৰ তুমুল আতংকৰ সৃষ্টি কৰিছে ৷ চাৰিওপিনে মৃত্যুৰ তাণ্ডৱ চলিছে সেইয়া টাইমপাছৰ সহ্য নোহোৱাত ককাৰপৰা সহায় বিচাৰিত ককাই সাথৰ এটা দিছিল ৷ কৰ'নাৰ সৃষ্টিকাৰীজনৰ বিষয়ে গম পাই জাঙোৰ খাই উঠিছিল ৷ এতিয়া আগলৈ পঢ়ক -

টাইমপাছ চীনলৈ যোৱাৰ সিদ্ধান্ত ল'লে কিন্তু চীনলৈ যোৱাটো ইমান সহজ নহয় সম্পূৰ্ণ সাজো হৈ যাব লাগিব এইবুলি কৈ ককাৰ বাকছটো খুলি ককাৰ অনুপম আৱিষ্কাৰকেইটা উলিয়াই এটাএটাকৈ ভালদৰে লিৰিকি বিদাৰি চাই সোণৰ কাপোৰখন ভালকৈ মেলি চাই নিজকে কৈ " কাপোৰখন যথেষ্ট মোৰ সাজযোৰৰ বাবে কিন্তু তাৰবাবে চিলাই মেচিন লাগিব কিবা এটা বুদ্ধিৰ পাঙি খুৰীৰ পৰা চিলাই মেচিনটো ৰুমত আনি সাজযোৰ চিলাব লাগিব " সি ঘৰৰ মালিকনীৰ ওচৰ গৈ ক'লে "  খুৰী এটা বস্তু লাগিছিলে দিব পাৰিব নে ? " মালিকনীয়ে মিচিকিয়া হাঁহি মাৰি ক'লে " কিয় নোৱাৰিম তুমি মোৰ অতিথি তোমক সন্তুষ্ট কৰাটো মোৰ কৰ্তব্য কোৱাচোন কি লাগে ? " টাইমপাছে খোচামতি কৰি চিলাই মেচিনটো নিজৰ কোঠালৈ নি দৰ্জাখন বন্ধ কৰি কাপোৰখন লৈ ভাৱিলে " কি ডিজাইনত চিলাম শক্তিমান নাই নহব জুনিয়ৰজী , কৰ্মা ,ক্ৰিচ্‌ , চুপাৰমেন নাই এটাও পছন্দ হোৱা নাই " কি ডিজাইন দিলে ভাল হব নাই মোৰ ক'লা লংপেণ্ট আছেই গতিকে স্পৰ্টিং এটা চিলাওঁ আৰু উৰিবলৈ সুবিধা হবলৈ পাছফালে লগাবলৈ ফ্লাইং ক্লথ এখন চিলাই স্পৰ্টিংৰ সৈতে চিলাই দিলে ভাল হব হয় ভেৰী গুড টাইমপাছ তুমি জিনিয়াচ " বুলি কৈ নিজকে বুদ্ধিয়ক মানি বুকুতে হাত দি ক'লে কথাষাৰ ৷ কিছু সময় পাছত কাপোৰ চিলাই হ'ল পিন্ধি মেলি আইনাৰ আগত থিয় হ'ল হঠাৎ মাত এটষাৰ শুনিলে " হোঁ এতিয়াহে মহানায়ক যেন লাগিছে " টাইমপাছে মাতষাৰ ককাৰ বুলি গম পাই ক'লে " মই মহানায়কৰ পদবী দিবলৈ নালাগে এতিয়া মই সেই যোগ্যতা অৰ্জন কৰা নাই যিদিনাখন কৰ'নাৰ আতংক এই পৃথিৱীৰ পৰা সমাপ্ত কৰি পেলাম সিদিনাহে মোক যি পদবী দিব মই নট শিৰে গ্ৰহণ কৰিম আৰু মই জীৱনত প্ৰথম বাৰৰ বাবে মিচন এটা লৈ যাবলৈ ওলাইছো নাজানো উভতি আহিব পাৰিম নে নাই , আপুনি এটা আশিৰ্বাদ এটাকে নিদিয়ে কিয় মহানায়ক কবলৈ আহিছে " ককাই তাৰ খং দেখি প্ৰকট হ'ল আৰু মূৰত হাত থৈ ক'লে মোৰ আশিৰ্বাদ আছে যা সফল হৈ উভতি আহ মই বাট চাই ৰম এইবুলি কৈ ককা অদৃশ্য হ'ল ককাৰ আশিৰ্বাদ পাই টাইমপাছৰ আত্মাবিশ্বাস দুগুণ বৃদ্ধি পালে উৎসাহত ক'লে চাইনা মই আহি আছো সাবধান এইবুলি কৈ মহানায়ক উৰা মাৰিলে চীন দেশলৈ ৷

 মহানায়ক ধাৰাবাহিকৰ বাকী অংশ অহাটো  শনিবাৰে পঢ়িবলৈ পাব ৷ প্ৰিয় পাঠক সকল এই ধাৰাবাহিকটো পঢ়ি কেনে পাইছে কমেণ্ট লিখি জনাব ধন্যবাদ ঘৰতে থাকক আৰু ইতিমধ্যে চৰকাৰে দিয়া নিৰ্দেশ মতে চলক ৷


📝ভাস্কৰ কায়স্থ 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)