সন্ধ্যাৰাগ

©Admin
0
হে আই বসুধৰা
কাতৰোক্তি কৰিছোঁ--
সন্ধ্যাৰাগ এটিৰ দৰে
 তুমিও ৰঙীন হোৱা,
গোৱা জীৱনৰ জয় গান-
জৰ্জৰিত আজি তোমাৰ সন্তান
শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে ।
পুনৰ উজ্জীৱিত কৰি তোলা
শংকা মুক্ত, নিঃচিন্ত শান্তিৰ  নিদ্ৰাৰে,
জাগৃত কৰি তোলা সুপ্ত, অৰ্ধচেতন আত্মা
তোমাৰ শীতল, সুকোমল পৰশেৰে।

📝ডঃ কুঞ্জলতা গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)