গছত লিচু লাগিছে

©Admin
0
  নিশাচৰক নিশাচৰে
   পহৰা দিছে  ৷
   জাল পাতিছে  ,
  পোহৰ বন্ধ কৰি
  এন্ধাৰৰ চোলা এটা
  পিন্ধাই থৈছে  ৷
  চকুৰ টোপনী
  বিচনাত শুৱাই থৈছে  ৷
  ৰজনী বিদুৰ হ'লেই
  ৰংবোৰ পোহাৰত দিব  ৷
  পহৰাৰ গোন্ধ পাই
  নিশাচৰে উপবাস কৰিছে
  পহৰাদাৰৰ টোপনী ক্ষতি 
  পতা গধুৰ হলেই
  এন্ধাৰৰ জাল ফালি
  আহাৰ সন্ধানীবোৰে
  ভোক আতৰাবই  ৷
  আহাৰ , নিদ্ৰা , মৈথুন
  জন্মতে লৈ অহা উপহাৰ  ||

  📝হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)