তোমাক সহস্ৰ চালাম

Rinku Rajowar
0

ৰ'দে পোৰা
তোমাৰ গাৰ বৰণ
বৰষুণত তিতা
মলিয়ন সাজ
খহটা তলুৱা
আৰু বেকেতা নখ
তোমাক চিনাৰ
সহজ উপাদান ।
কপালৰ ঘাম
যেতিয়া মাটিত পৰে
কোনোবা হয় সম্পদশালী ।
বনকচু ঢেকীয়াৰ আঞ্জা
কেতিয়াবা পইটা ভাত
তোমাৰ ইন্ধন ।
থাকিব পাৰে জানো
আকাশলঙ্ঘা অট্টালিকা
কিম্বা বৃহৎ এটা 
বেংক বেলেঞ্চ তোমাৰ ?
সংসদ ভৱন
তোমাৰ কষ্টৰেই ফচল
নহয় জানো ?
কিন্তু তুমি আজি ক'ত ?
মেহনতিক মোৰ
সহস্ৰ চালাম ।

📝সৌৰভ কুমাৰ বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)