বালিৰ চাপৰিত ডেউকা পিন্ধি
এটি ক্ষীণ পোহৰ জিলিকিছে।
শৰতৰ তৰাভৰা আকাশৰ তলত
জোনাকীয়ে মেল পাতিছে
চকুৰ পিৰীকতিত তিৰবিৰ পোহৰ জিলিকি পৰিছে।
নীলাভ চকুহাল ৰ গোলাপী হাঁহি
আবেগ বিহ্বল চাৱনি ......
হাঁহি হাঁহি গোলাপক সোধে জীৱনৰ অৰ্থ ।
এখন ফলিত লিখি জীৱনৰ কবিতা
শব্দৰ মায়াজাল বন্দীত্ব মন।
তপ্ত সুৰুযৰ ৰূপালী আবিৰ
চুলিটাৰিত!!
খেৰীঘৰৰ সপোন চিনেমাৰ দৰে হয়
দুখৰ পাহাৰ ঢাকি
হাঁহিৰ নিজৰা বয়
নিয়তিয়ে মাথো চাই ৰয় ।
📝 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ