শৈশৱ

©Admin
0
শৈশৱৰ দিনবোৰলৈ
বৰ মনত পৰে ৷
দিনবোৰ
আছিল আনন্দৰে ভৰা ৷

পথাৰত লেচাৰি বুটলাা 
ৰবাব টেঙাৰ ফুটবল,
লুকাভাকুৰ দিনবোৰে
কঢ়িয়াই আনিছিল আনন্দৰ বতৰা ৷

লোকৰ বাৰীৰ আম,কঁঠাল,লেটেকু
চুৰি কৰা,
এক মাদকতা ৷
দিনটো ধেমালী কৰি
সন্ধ্যা হ'লেই টোপনি অহাৰ পৰত 
দেউতাৰ কাণমলা আছিল
আন এক বেদনা ৷

এনেদৰে পাৰ হৈছিল
আমাৰ শৈশৱ ৷
তাতেই আছিল আমাৰ
শৈশৱৰ মাদকতা ৷

📝মহেন শইকীয়া
 প্ৰধান শিক্ষক
 নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)