আজিৰ দিনটোৰ বিশেষত্ব ১৭ মে'

©Admin
0
👉আজি ২০২০ চনৰ মে' মাহৰ ১৭ তাৰিখ, দেওবাৰ। বছৰটোৰ ১৩৮তম দিন। বছৰটো শেষ হ'বলৈ আৰু ২২৮ দিন বাকী। অসমীয়া লেখেৰে ১৯৪২ শকৰ জেঠ মাহৰ ৩ তাৰিখ। 

✍আজি বিশ্ব উচ্চৰক্তচাপ দিৱস।

✍আজি আন্তৰ্জাতিক হ'ম'ফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস।

✍১৯৯৬ চনৰ আজিৰ দিনটোতে অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিনৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক, মানৱ অধিকাৰ কৰ্মী আৰু অসমত মানৱ অধিকাৰ সংগ্ৰামৰ এজন আগৰণুৱা পৰাগ কুমাৰ দাসক নিজৰ পুত্ৰক বিদ্যালয়ৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত আততায়ীয়ে গুলিয়াই হত্যা কৰে।

✍১৯৬৯ চনৰ আজিৰ দিনটোতে  অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাৰ জন্ম হয়।তেওঁ ফ্ল'ৰিডাত অনুষ্ঠিত ২০০৯ বৰ্ষৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷

✍১৭৫৬ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

✍১৯৫১ চনৰ আজিৰ দিনটোতে গজল গায়ক পংকজ ঊধাসৰ জন্ম হয়।


■আজি আন্তৰ্জাতিক সমাজ দিৱস।

■নৰৱেৰ সংবিধান দিৱস।

■আজি দূৰ সংযোগ দিৱস।

■বিশ্ব হাইপাৰ টেনচন দিৱস।

■১৪৯৮ পৰ্তুগীজ নাৱিক ভাস্কো ডা-গামাৰ ভাৰতত প্ৰৱেশ।

■১৫৪০ কণৌজৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুন পৰাজিত। শ্বেৰ শ্বাহৰ দিল্লী -পঞ্জাৱৰ অধিকাৰ।

■১৮১৪ আজি নৰৱেৰ স্বাধীনতা দিৱস।

■১৭৪৯ বসন্ত ৰোগ প্ৰতিষেধক চিটা আৱিস্কাৰক এডৱাৰ্ড জেনাৰৰ জন্ম।

■১৮৫৭ দ্বিতীয় বাহাদুৰ শ্বাহ ভাৰতৰ মোগল সম্ৰাট।

■ ১৮৯৬ হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু।

■ ১৯১২ জন গেহৰিং নামৰ ব্যক্তি এজনে ৰান্ধনী ঘৰৰ জুইশালত প্ৰথম ৰন্ধন গেছ ব্যৱহাৰ কৰে।

■১৯৯৬ সাংবাদিক পৰাগ কুমাৰ দাসৰ আততায়ীৰ গুলীত মৃত্যু।

■২০০১ কেৰেলাৰ মুখ্যমন্ত্ৰী ৰূপে এ কে এন্টনীৰ শপত গ্ৰহণ

■২০১১ অসমৰ বিশিষ্ট গৱেষক, পণ্ডিত বাপ চন্দ্ৰ মহন্তৰ স্মৃতি দিৱস।

■২০১১ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীৰ শপতগ্ৰহণ।

■২০১৪ টাটা ষ্টিল লিমিটেডৰ প্ৰাক্তন অধ্যক্ষ ৰুছি মোডীৰ ৯৬ বছৰ বয়সত মৃত্যু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)