নিলগাই ৰাখিছে মোক

Rinku Rajowar
0
জীৱনৰ সংঘাটৰ নিশাত 
মোৰ ইচ্ছা মৃত্যুত  হওঁ ছাঁই 
নিয়তিৰ আহ্বানত 
পুণৰ ছাঁইৰ পৰা উজ্জিৱিত 
হওঁ মই,,,, ন- প্ৰভাতে,,,
ধৈৰ্য ধাৰিণী,,, অময়া সুধা লৈ,

এমুঠি সস্নেহ সুবাস হৈ
এবুকু ভালপোৱাৰ সুবাদ লৈ 
সেউজীয়া বুকুৰ অলিয়ে গলিয়ে যাওঁ 
কেৱল,,,, কেৱল  তোমাক বিচাৰি,,,

মাটিৰ গোন্ধত মাতাল পথৰুৱা শ্ৰম,,,
গেৰবন্ধা প্ৰেমৰ  গাখীৰতি ঠোকত 
তোমাৰ প্ৰেমময়  সুঘ্ৰাণ,

ক্ষমা-দয়াৰ বিশাল ডাৱৰীয়া আকাশৰ তলত
জলৌ জপৌ হয়,, মোৰ ইচ্ছা মৃ্ত্যু 
ঈশ্বৰক  ধন্যৱাদ,,
পাই হেৰুৱাৰ যন্ত্ৰণাৰ পৰা
নিলগাই ৰাখিছে  মোক  ৷৷

ৰচনা  কাল  ~ 26/5/2020
📝জুলি বৰুৱা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)