খালি হৈ আছে, আজি
আইতাৰ তামোলৰ খুন্দনা ।
ককাৰ চেগুনৰ পালেংখন
মিউজিয়ামৰ আচবাৱৰ দৰে,
'পৰিত্যক্ত' ।
চোতাল ভৰা
গাৱঁৰ আপোনবােৰ
আজি নাই ।
মৃত্যুৰ তালিকাখন
দীঘল হৈ গৈ আছে ।
সেইদৰে দেউতাৰ
আৰামী চকীখন
বছৰ বছৰ ধৰি
খালি হৈয়ে আছে ।
দেউতা -খুৰা - ককাৰ
আপোন মনবােৰ
যেতিয়া সমবেত হৈছিল,
তেতিয়া--
সৰগীয় পৰিৱেশে
বিৰাজ কৰিছিল ।
মাৰ মৃত্যুৱে
খালি কৰিছিল
সকলোৰে হৃদয় ।
নাই চাৰিওফালে
শূণ্য, মাথো শূণ্য ॥
সেই অতীতৰ
চােতাল ভৰা
উখল -মাখলবােৰ,
আজি কংক্ৰিতৰ চোতাল ।
বুকুখন চিৰিং কৰি উঠে
মাজে মাজে,
আমিবোৰ হেৰাই
গৈ আছাে,
আৰু হেৰাই যাম ॥
বছৰ সলনি হব
নৱ নৱ প্ৰজন্মৰ
আগমণ হ'ব ।
হেৰাই যাম আমিবােৰ
দুৰ্ঘোৰ কালৰ বুকুত,
চিনচাব নাথাকিব
মানুহৰ পৃথিৱীত ॥
অতীতে ৰিঙিয়াই,
অতীতৰ মধুৰ
সম্বন্ধবােৰৰ কথা ॥
জীয়াই থকালৈকে
স্মৃতিবােৰ জীয়াই থাকিব,
মৃত্যুৱে ধুই লৈ যাৱ
সকলোৰে অস্তিত্ব ॥
এনেকৈয়ে,
হেৰাই যাম নেকি
আমিবােৰ ?
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ