অস্ত্ৰোপচাৰ

©Admin
0
মোৰ অস্ত্ৰোপচাৰ হ'ব
এতিয়া মই
অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত
ডাঙৰ ডাঙৰ লাইটৰ পোহৰ
বহুত কিবাকিবি যন্ত্ৰপাতি
শুনিছোঁ কেঁচীৰ শব্দ
হয়তো কাৰোবাৰ
অস্ত্ৰোপচাৰ চলিছে
তাৰপিছত আকৌ
আই চি উৰ ভিতৰত
থাকিব  লাগিব কেইদিনৰ বাবে
কি কি নাথাকে
অপাৰেশ্যন থিয়েটাৰত
নাই কাৰো মুখৰ মাত
সকলো ইঙ্গিতেৰেই কথা পাতে
ভয়ত কপি উঠিছিল
মোৰ উঠন বুকু
আকৌ এই সুন্দৰ পৃথিৱী খনক দেখা পাম নে!
শুনিব পাম নে ডাঙৰ ডাঙৰ
মানুহৰ কথাবোৰ
যাবলৈ পাম নে বাৰু
কবি সন্মিলন বোৰলৈ
মোৰ প্ৰিয় ৰাজ কাৰেং লৈ 
অলপ জিৰাবলৈ পাম নে
পুনৰবাৰ কথোপকথন কৰিবৰ বাবে
মোৰ প্ৰিয় কবিতাবোৰ বৰকৈ
পঢ়িবলৈ মন গৈছে
কিন্তু,,,,,,, কিন্তু    মই এতিয়া
অপাৰেশ্যনৰ থিয়েটাৰত
মোৰ শৰীৰৰ অংগে অংগে
ঢেৰ কিবাকিবি  লগোৱা আছে এতিয়া
মই উঠি যাব নোৱাৰোঁ এতিয়া
মোৰ প্ৰিয় কবিতাবোৰৰ কাষ চাপি।।

 📝অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)