ক'ৰনা মহামাৰী আতংক

©Admin
0
হৃদয়খন হয় আজি
জ্বালামুখী উদগীৰণ,
তন্দ্ৰাচ্ছন্ন চকুযুৰিত ভাঁহি আহে 
বিষাদৰ ভগ্ন ছবি ।
মৌনতাৰ অবলম্বন কৰি
নীৰৱতা বুকুত সাৱতি
নিঃশব্দতাৰে আছো,
উৰুখা পঁজাত বাস কৰি ।
চাৰিও ফালে দেখো মাথোঁ,
ধুৱলী-কুঁৱলী
হথাৎ আকাশত শুনো গুম-গুমণি ।
নিস্তব্ধতাৰ ওৰণি গুচাই,
চাওঁ এবাৰ আকাশলৈ ঘূৰি ।
শান্তিৰ সেউজীয়া বোৰ দেখো আজি
একে ঠিৰে আছে
নীৰৱতা পালন কৰি ।
সোনাৰু ফুলে হাঁহিছে ধেক-ধেকাই
দেখিও সাৱটিব নোৱাৰিলো 
এবুকু মৰম l
ভগ্ন ছবি বোৰ দেখি
বুকুখন হয় আজি মোৰ
জ্বালামুখী উদগীৰণ ।
উহঃ
বুকুখন বৰকৈ বিষাইছে আজি অ,
ক'ৰনা মহামাৰী আতংক দেখি ।
হিয়াৰ স্নিগ্ধ মৰমবোৰ
হৃদয়ৰ আঁৰত লুকাব ধৰিছে ।
আজন্ম বন্দীশালত বুকুৰে বৈ থকা 
তপত তেজৰ নৈ স্থবিত হ'ব ধৰিছে ।
ধৰিত্ৰীৰ বুকুত হাজাৰ জনৰ মৃত দেহ 
সৎকাৰ কৰা হৈছে ।
বিষাদৰ কুঁৱলীৰ আৰত
হৃদয়খন ব্যাকুলতাৰে আৱৰি ধৰিছে ।
শ শ জনতাই ভুগিছে যন্ত্ৰণা ।
ক'ৰনা মহামাৰী আতংকত 
হৃদয়খন জ্বলি উঠিছে মোৰ 
অগ্নিৰ লেলিহান শিখা ।
দুচকুত জ্বলি পুৰি l
নিমিষতে চাই হ'ব ধৰিছে,
হৃদয়ৰ শান্তিময় শিখা ।
        

 📝বিনিতা বৰা
    লংকা (কাকী-৩)
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)