যন্ত্ৰনাময় বোৱাৰীৰ জীৱন

Rinku Rajowar
0
মা মইয়ো এগৰাকী নাৰী,ঠিক আপোনাৰ দৰে।
আপুনি নাৰী হৈয়ো নাৰীৰ মূল কিয় বুজি নাপায়?
মইয়োটো এগৰাকী মাতৃৰেই সন্তান।
হ'ব পাৰো মই আপোনাৰ বোৱাৰী।
মোক আপুনি নিজৰ সন্তান বুলি ভাবিব নোৱাৰেনে?
যেনেকৈ মই আপোনাক নিজৰ মা বুলি ভাবো।
মইটো কোনো বজাৰৰ পৰা কিনি অনা শাক-পাছলি নহয়,
যে মন গ'লেই বেয়া বুলি কৈ জাৱৰৰ দমত গৈ পেলাই থৈ আহিব?

মইয়ো তেজ-মঙহেৰে গঠিত মানুহ মা
মোৰ  গা-তো কোনো লৌহ বা শিলেৰে তৈয়াৰী নহয়।
যে আপোনাৰ যেতিয়াই মন যায় মোক প্ৰহাৰ কৰিব।
উসঃ বৰ অসহ্য!
আজি কালি আপোনালোকে মোক কিয় ঘ্ৰিণাৰ চকুৰে চাই মই নাজানো,
নাজানো মই কি ভুল কৰিলো,কি পাপত লিপ্ত হ'লো?
যাৰ বাবে আপোনালোকে  মোক ইমান ডাঙৰ শাস্তি দিছে।
যাৰ নামত শিৰত সেন্দুৰ লৈ  যুগ্ম জীৱনৰ পাতনি মেলিছিলো।
চিৰ-দিন চিৰ-কাল সুখে-দুখে কাষত ৰ'ম বুলি
সকলো দেখি শুনিও চূপ মাথো নিৰ্বোধ মূৰ্তিৰ দৰে  থিয় হৈ থাকি ৰং চাই।
সচাকৈ মোৰ কেতিয়াবা এনে ভাব হয় 
তেওঁ বাৰু মোক আগৰ দৰেই ভাল পাই নে?
আগৰ দৰেই হৈ আছে নে মোৰ যুগ্ম জীৱনৰ লগৰী জন,
নে সলনি হ'ল?
আহঃ বৰ অসহ্য লাগিছে অ'
মই আৰু সহ্য কৰিব নোৱাৰিম অ' মা।

হেৰৌ নিষ্ঠূৰ ভগৱান এগৰাকী বোৱাৰীৰ বেদনাৰ 
ক্ৰন্দন দেখি শুনিও কিয় তুমি উচিত ন্যায় কৰিব পৰা নাই?
নে দেখিও নেদেখাৰ ভাও ধৰিছা,
শুনিও নুশুনাৰ অভিনয় কৰিছা?
মোক উত্তৰ দিয়া ভগৱান, কিহৰ পাপৰ ফল তুমি মোক দিছা?
কিয় তুমি মোক যন্ত্ৰনাময় জীৱন কটাবলৈ বাধ্য কৰাইছা?
মোক মাৰি নিয়া ভগৱান।
নহ'লে মই নিজেই কেতিয়াবা উলমি ৰ'ম।
ঘৰৰ কোনাবা এটা কোণত নাইবা বাৰীৰ পাছৰ এজোপা গছত
এডাল নাইলনৰ ৰছীৰ সহায়ত।
চিৰ দিনৰ বাবে জিৰণী ল'ম আই নিদ্ৰা দেৱীৰ কোলাত!
অভিশাপ দি যাম যোৱাৰ আগত তোমাক ভগৱান
চিৰ-দিন চিৰ-কাল তুমি অন্ধ হৈ ৰ'বা বুলি!
চিঞৰি চিঞৰি কৈ যাম নিৰ্দূষিৰ শেষ স্থান,
দপ্‌দপ্‌কৈ জ্বলি উঠা চিতাৰ জুই কুৰা।

এগৰাকী বোৱাৰীৰ জীয়া জীৱনৰ কাহিনীৰে মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস।

📝দ্বীপ দীপাংকৰ লাহন
    বিশ্বনাথ,গহপুৰ।
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)