প্ৰেমৰ স্মৃতি ;
তাহানিৰ সেই ৰঙীণ বেলা
তোমাৰ প্ৰেমৰ প্ৰতিশ্ৰুতি ।
প্ৰতিটো মধূৰ পল
হৃদয়ত সাঁচি ৰাখি
বৰষুণৰ স্থিতিতেই;
আমাৰ সঁচা প্ৰেমৰ সাক্ষী ।
মনৰ অনুভূতিবোৰ
প্ৰকাশ কৰি
বৰষুণে মিলন ঘটাইছিল
দুটি হৃদয় এক কৰি ।
সময়ৰ লহৰে কাঢ়ি নিলে তোমাক
বিচ্ছিন্ন কৰি দুটি হৃদয়
নিৰ্জনতাত যে এৰি থৈ গʼলা
নুবুজিলো সেই অচিনাকী মন।
হয়তো নহʼব পাৰে
সপোনবোৰ দিঠক
তথাপিও মই ৰৈ আছো
তোমাৰ আপেক্ষাত ।
✍️ ভাৰতী নায়ক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ