সাপ পূজা

Rinku Rajowar
0
এটা সত্য কাহিনী । ঠাইখনৰ নাম নিলিখো । পাহাৰে আৱৰা ঠাই । প্ৰতি টিলাৰ ওচৰে - পাজৰে মানুহৰ বসতি স্থল । মানুহে ভাৱিব পাৰিবনে বাৰু , আজিৰ বিজ্ঞানৰ যুগতো কিছুমান ঠাইত এনে কিছুমান অন্ধবিশ্বাস সমাজৰ মাজত সোমাই আছে ? কিন্তু , আছে  ।  আজিও সেই সমাজৰ মাজত নানান অন্ধবিশ্বাস সোমাই আছে । মই সেই ঠাই পৰিদৰ্শন কৰিছিলো । কাৰ্যালয়ৰ কামত সেই ফাৰ্মখনলৈ যাৱলগীয়া হৈছিল । 
ফাৰ্মখন সৰু টিলা এটাত অৱস্থিত । 
চাৰিওফালে মাথো সেউজীয়া । সাগৰ পৃষ্ঠৰ পৰা পাহাৰখন  প্ৰায় ৫৫০ মিটাৰ ওপৰত অৱস্থিত । গৈ পায় কিছু সময় ৰৈছিলো । অফিচৰ কৰ্মচাৰী এজনৰ মুখত শুনিলো । মেডাম , ইয়াত আপুনি ৰাতি চকীদাৰ নাপাব । ৰাতি চকীদাৰে এই ফাৰ্মৰ অফিচ ঘৰত থাকিবলৈ ভয় কৰে । ইয়াত বহুত ডাঙৰ ঘটনা ঘটি গৈছ । মই আপোনাক গাৱঁৰে ঘটনা এটা কৈ দিম । এইবুলি তেওঁ কাহিনীটি ক'বলৈ আৰম্ভ কৰিলে_____।

এখন পাহাৰীয়া গাওঁ।
পূজা পাতল কৰে তেওঁলােকে আৰু তেওঁলোকৰ বিশ্বাস পূজাত বলী দিলেহে পূজা সম্পূৰ্ণ হােৱা বুলি ভাৱে।
সেই দিনা ৰাতি গাওঁখনত সাপ পূজা আৰম্ভ হ'ল আৰু সাপ পূজাত মানুহ বলী নিদিলে, পূজাভাগ সম্পূৰ্ণ নহয় - সেইবাবে গাৱঁৰ পাহোৱাল লােকজনক পথালে," লৈ আহ মানুহৰ মূৰ এটা  এতিয়াই " । 
সেই পাহোৱাল মানুহজনে কেইবা ঠাইটাে চালে, কিন্তু সুবিধাজনক নাপালে ।
সেই পাহোৱাল লোকজনে সেই ফাৰ্মৰ টিলাৰ ওপৰৰ অফিচ ঘৰটোলৈ আহিল ।তাত এটা  অফিচৰ চকীদাৰে  ৰাতি ৰুমত শুই আছিল । সেই পাহােৱাল লােকজনে দৰজা ভাঙি  অফিচৰ চকীদাৰ জনৰ মূৰতো কাটি লৈ  আহি  পূজাৰীক দিলে ।
কি (!) গাৰ নােম শিয়ৰি যোৱা কথা !!!
শুনি আচৰিত হৈছিলাে । 
 মানুহ বলী নিদিলে  হেনাে গাৱঁখনৰ অপায়- অমংগল হয় বুলি বিশ্বাস কৰে।  
এইতাে সত্য কাহিনী, ২০১৭ চনৰ কথা ।
তেতিয়াৰ পৰা সেই ঠাইখনত কােনাে চকীদাৰে ৰাতি অকলশৰে  দিউতি  নকৰা হ'ল । চৰকাৰী অফিচ যদিও ৰাতি দিউটিত মানুহ নাথাকে ।

( সত্য কাহিনী - অসমৰ দাঁতি কাষৰীয়া পাহাৰীয়া অঞ্চলৰ)
📝 মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)