পানীৱালাৰ পিয়াঁহ

©Admin
0

বাগিচাৰ গলিয়ে গলিয়ে
সি বিলাই যাই
পানী 
শ্ৰমিকবোৰে হেপাঁহ পলুৱাই
কাৰোবাৰ বাবে তৃষ্ণাতুৰ মনৰ পানীয়
কাৰোবাৰ বাবে অৱসাদ জীৱনৰ শক্তিদায়িনী সুধা
আৰু চাহগছবোৰ 
পিয়াঁহবোৰৰ মাথোঁ সাক্ষী 

সিহঁতেও বুজি পায়
পানীৱালাজনৰ মনৰ পিয়াঁহ
পানী বিলাই বিলাই 
নদীৰ পৰা সাগৰলৈ বৈ যোৱা 
ঘামৰ টোপালবোৰত নিৰ্গত
বিষাদৰ গাথাঁ
নিজেই পানীৱালা
অথচ তাৰ মনত পিয়াঁহৰ বৃহৎ অট্টালিকা 
মালিক আৰু শ্ৰমিকৰ যি
পুজিঁপতিৰ তফাৎ
পানীৱালাৰ হৃদয়ৰ সোপানত
পিয়াঁহৰ আতুৰ গছ

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)