আমিবোৰ সমাজৰ শ্ৰমিক

©Admin
0

আজি বেদনাত অলপ অশ্ৰুপাত কৰিবলৈ মন,
আজি দুখত দুটি কথা ক'বলৈ মন।

আজিৰ শিক্ষিত আধুনিক সমাজত
মেট্ৰিকৰ নঙলা পাৰ কৰিবলৈ নিষ্ফল হোৱা 
আমিবোৰ সমাজৰ শ্ৰমিক।
গৰিবিৰ ডাৱৰৰ তলত বহু বছৰ অভাৱত ভুগি
উপাৰ্জনৰ মাৰ্গ বিচাৰি উদ্বিগ্ন হৈ
আই পিতাইৰ ছাঁ পৰিহাৰ কৰি
কোমল বয়সতেই ঘৰৰপৰা ওলাই অহা
আমিবোৰ সমাজৰ শ্ৰমিক।।

পৰিয়ালৰ দুবেলা দুমুঠি অন্নৰ বাবে
দেহৰ ঘাম মাটিত পেলাই শ্ৰম কৰা
আমিবোৰ সমাজৰ শ্ৰমিক।
মানৱ ইতিহাসৰ অৰুণোদয়ৰ পৰা
উচ্চবিত্তৰ হাতত লাঞ্ছিত-বঞ্চিত-নিৰ্য্যাতিত হৈ থকা
আৰু এখন লোকতন্ত্ৰৰ প্ৰকৃত আধাৰ
আমিবোৰ সমাজৰ দুৰ্ভগা শ্ৰমিক।।

বিভীষিকাময় সাম্প্ৰতিক কালৰ কবলত
আতংক আৰু ভোক-পিয়াহৰ মাজত
অন্তৰত এটি আশাৰ জেউতি জ্বলাই
নিজৰ আপোন ঘৰখনলৈ ধাৱমান হোৱা
আমিবোৰ সমাজৰ শ্ৰমিক।
দিনে নিশাই দুৰ্দশাক সাৱটি ক্লান্ত শৰীৰৰে
হাজাৰ হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰি
কেতিয়াবা পুলিচৰ টাঙোন খাই
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শীৰোনামাত উজলি পৰা
আমিবোৰ সমাজৰ অভাগা শ্ৰমিক।।

আজি বেদনাত অলপ অশ্ৰুপাত কৰিবলৈ মন,
আজি দুখত দুটি কথা ক'বলৈ মন। 

📝জ্যোতিপ্ৰসাদ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)