পবত পাহাৰে অসমান
আমাৰ অসম ।
প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা
সমতল অসম ।
সকলো মানুহে সমান
আমাৰ অসম ।
সকলোতে বিজয়ী
সোণৰ অসম ।
ভাৰতৰ উত্তৰ - পূব কোণত
আমাৰ অসম ।
অসমৰ উত্তৰে অৰুণাচল, ভূটান
পূবে আছে নাগালেণ্ড ।
দক্ষিণে মিজোৰাম, ত্ৰিপুৰা
পশ্চিমে আছে মেঘালয়, বাংলাদেশ ।
অসমৰ পূৱা পশ্চিমাকৈ ব্ৰহ্মপুত্ৰৰ উপত্যকা
দক্ষিণত বৰাক উপত্যকা আছে ।
এই দুই উপত্যকাৰ মাজত
কাৰবি আংলং থাকে।
বিশাল অসমৰ অসংখ্য নদী
প্ৰধান ব্ৰহ্মপুত্ৰ, বৰাক ।
সোৱণশিৰী, জীয়াভৰলী,বৰনদী আদি
ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনদী ।
যদুকাটা, জিৰি ,জাতিংগা,আদি
বৰাকৰ প্ৰধান উপনদী।
ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰথম
শৰাইঘাটৰ দলং ।
কলিয়া ভোমোৰা, নৰনাৰায়ণ, বগীবিল দলং
দ্বিতীয়, তৃতীয়, চতুৰ্থ দলং ।
ব্ৰহ্মপুত্ৰৰ প্ৰধান নদীদ্বীপ
মাজুলী, উমানন্দ ।
কাৰবি, বৰাইল,বুঢ়া, নীলাচল আদি
অসমৰ প্ৰধান পাহাৰ হয় ।
সিংহাসন , ডামবুকছো দুয়োটা
অসমৰ শৃংগ হয় ।
বগীবিল, কাৱৈমাৰী,দীপৰ আদি
হয় অসমৰ প্ৰধান বিল ।
দিছপুৰ গুৱাহাটী হয়
অসমৰ ৰাজধানী ।
অসমৰ প্ৰাচীন নাম
প্ৰাগজ্যোতিষপুৰ, কামৰ্ৰূপ।
প্ৰাগজ্যোতিষপুৰ সীমা পশ্চিমে কৰতোৱা নদী
আছে দক্ষিণে বংগোপ সাগৰ ।
বাংলাদেশ ,অসম আৰু ভূটান
প্ৰাচীন কামৰূপৰ অন্তৰ্গত আছিল।
মহীৰংগ দানৱ অসমৰ
প্ৰাচীন প্ৰথম ৰজা ।
তেওঁ পাছতে ৰাজত্ব কৰে তিনিজন
হটকাসুৰ,সম্বৰাসুৰ ,ৰত্নাসুৰ ৰজা ।
অসংখ্য জন গোষ্ঠীৰে
ভৰা আমাৰ অসম ।
অসমীয়া আমাৰ প্ৰধান ভাষা
সোণালী অসমৰ ।
অসমীয়া ভাষাই আন অঞ্চলত
উপ-ভাষাৰ ওপৰত প্ৰাধান্য লাভ কৰে ।
অসম ৰাজ্যৰ মান্য ভাষা ৰূপে
অসমীয়াই স্বীকৃতি লাভ কৰে ।
অসমীয়া মৌখিক সাহিত্যৰ আৰম্ভণি
লোকগীত বোৰক কয় ।
লোকগীতক সাধাৰণতে গীত নুবুলি
নাম বোলা হয় ।
আহোম ৰাজত্বৰ দিনত অসমীয়া সাহিত্যৰ
পৰিসৰ,পৰিধি বৃদ্ধি হয় ।
অসমীয়া ভাষাক ৰজাঘৰীয়া ভাষালৈ তোলাত
বেছি বৰঙণি আহোমসকলেই হয়ে ।
আধুনিক অসমীয়া সাহিত্যৰ সৃষ্টিত
আমেৰিকান মিছনেৰীসকলৰ অৱস্থানেই বেছি হয় ।
এওঁলোকৰ চেষ্টাতেই অসমৰ প্ৰথমখন
সংবাদপত্ৰ অৰুনোদই প্ৰকাশ হয় ।
অছমীয়া , ইংৰাজী অভিধানখনি
১৪০০০ শব্দ সম্বলিত অসমীয়া অভিধান হয় ।
১৯০০ চন পযন্ত ইয়ে অসমীয়া ভাষাৰ
একমাত্ৰ পথ প্ৰদশক হয় ।
১৮৮৯ চনত মাহেকীয়া আলোচনীৰ ৰূপত
চন্দকুমাৰ আগৰৱালাৰ সম্পাদনাত জোনাকী প্ৰকাশ হয় ।
জোনাকীয়ে অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাবাদশ
ৰূপ কঢ়িয়াবলৈ সক্ষম হয় ।
ৰামধেনু আৱাহন আলোচনী
যেতিয়া প্ৰকাশিত হয় ।
সেই আলোচনীৰ সহায়ত অসমীয়া সাহিত্যৰ
বিকাশৰ ধাৰাটো অধিক সমৃদ্ধ হয় ।
শিৱৰাত্ৰি ,সৰস্বতী পূজা, বিশ্বকৰ্মা আদি
অসমৰ ধমীয় উৎসৱ ।
বহাগ, কাতি, মাঘ বিহু
অসমৰ প্ৰধান জাতীয় উৎসৱ।
বহাগ বিহু সাতোটা
সাতবিহু বোলে ।
কাতি বিহুত অসমীয়াই
ধানৰ খেতি কৰে ।
আহিনৰ শেষত ধানে
সোণালী বৰণ ধৰে ।
খেতি চপাই শেষ হোৱাত
মাঘৰ বিহু আহে ।
📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি, চিচিবৰ গাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ