পৰিষ্কাৰ পৰিছন্নতা আৰু সজাগ সচেতনতাই এটা সুস্থ জীৱন গঢ়ে

©Admin
1

শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৱান হবলৈ হ'লে পৰিষ্কাৰপৰিচ্ছন্নতা অপৰিহাৰ্য্য ৷  নানান কাৰণত আমাৰ চৌপাশৰ পৰিৱেশ প্ৰদূষিত হবলৈ ধৰিছে ৷ খাদ্য বাসস্থান বস্তু আদিৰ লগতে স্বাস্থ্য চৰ্চাও অত্যাৱশ্যকীয় হৈ পৰিছে ৷   


এতিয়া স্বাস্থ্যৰ লগত ওতঃপ্ৰোত সম্বন্ধ থকা কেইটিমান বিশেষ দিৱসলৈ চকু ফুৰাওঁক  

২২ মাৰ্চ- বিশ্ব জল দিৱস

৭ এপ্ৰিল- বিশ্ব স্বাস্থ্য দিৱস

৫ মে – বিশ্ব হস্ত স্বচ্ছতা দিৱস

৩১ মে – বিশ্ব ধূম্ৰপান বিৰোধী দিৱস

৫ জুন – বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস

পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ ৷ পানী অবিহনে জীয়াই থকাই টান ৷ পানী সংৰক্ষণ  অন্নৰ সংৰক্ষণৰ সমানে আৱশ্যক ৷ কৃষিকৰ্মৰ কাৰণেও পানী অপৰিহাৰ্য্য ৷ পানীৰ অপচয় ৰোধ কৰি ইয়াৰ সৎ-প্ৰয়োগ কৰিবলৈ আমি শিকিব লাগিব ৷ 

১৯৪৮ চনৰ ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থাৰ জন্ম হয় ৷ বৰ্তমানবিশ্বৰ ১৯৩ খন দেশ ইয়াৰ সদস্য ৷ বিশ্বস্বাস্থ্য সংস্থাই গোটেই পৃথিৱীৰ স্বাস্থ্য সম্বন্ধীয় নানান দিশ চোৱাচিতা কৰি আহিছে  ৷ আজি বিশ্বস্বাস্থ্য সংস্থাই নানান ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰিও মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ উন্নতিৰ হকে সংগ্ৰাম চলাই আছে ৷ প্ৰতি বছৰে ৭ এপ্ৰিলক সেইবাবেই স্মৰণ কৰা হয় ৷

বিশ্ব হস্ত স্বচ্ছতা দিৱস প্ৰতি বছৰে ৫ মে’ত পাতি এই কথাকে সোঁৱৰাই দিয়া হয় যে পৰিষ্কাৰ হাতে জীৱনক সুৰক্ষা দিব পাৰে ৷ অপৰিষ্কাৰহাতৰ দ্বাৰাই নিজৰ আৰু সংস্পৰ্শত অহা অইনৰ শৰীৰলৈ নানা ৰোগ বিয়পে ৷

প্ৰতি বছৰে ৩১ মে’ত বিশ্ব ধূম্ৰপান বিৰোধী দিৱস পালন কৰি জনগণক ধপাতৰ অপকাৰিতাৰ কথা মনত পেলাই দিয়া হয় ৷ মূৰৰ পৰা ভৰিলৈ, চুলি-ছাল ৰক্তৰ পৰাহাঁড়ৰ মজ্জালৈ কোনো এটা অংশই ধূমপানৰ অপকাৰিতাৰ পৰা হাত সাৰি থাকিব নোৱাৰে ৷

১৯৭২ চনত চুইডেনৰ ষ্টকহোম নগৰীত পৰিবেশ সজাগতা সম্পৰ্কীয় এট মহা সন্মিলনত বিশ্বৰ ভালেকেইখন দেশে অংশগ্ৰহণ কৰি সিদ্ধান্ত লয় যে প্ৰতি বছৰে ৫ জুনত “বিশ্ব পৰিবেশ দিৱস” পালন কৰি মানৱ জাতিক আমাৰ ধৰিত্ৰীৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়া হব আৰু আমাৰ পাৰিপাৰ্শ্বিকতাক জীৱৰ প্ৰতি উপযোগী কৰি ৰাখিবলৈ ন-ন আঁচনি যুগুতোৱা হব ৷ বিজ্ঞানীসকলে গণনা কৰি উলিওৱা মতে বৰ্তমান এই পৃথিৱীত অনুমানিক ১৮ লাখ প্ৰজাতিৰ জীৱ আছে ৷ এই সকলো জীৱ থাকিলেহে মানুহ ধৰিত্ৰীত থাকিব ৷

সুস্বাস্থ্যই ৷ এটা সুস্থ আৰু সুখী জীৱন প্ৰদান কৰে স্বাস্থ্য ৰক্ষাৰ নীতি পালন কৰিবলৈ কোনো বয়সৰ  সময় সীমা নাই ৷ আমাৰ স্বাস্থ্যৰ শত্ৰুসমূহক ঘাইকৈ তিনিটা শ্ৰেণীত ভগাব পাৰি – বেক্টেৰিয়া,ভাইৰাছ আৰু পৰাশ্ৰয়ী জীৱ ৷ এইবোৰে  আমাক আক্ৰমণ কৰাৰ সুযোগ পালে মানৱ জীৱন দয়নীয় হৈ পৰে ৷ সেয়ে আমি সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন থকা উচিত  ৷ কিছুমান সৰু সৰু কথা আমি মন নকৰোঁ ৷ উদাহৰণস্বৰূপে , বহুতৰ হাত বাগৰি অহা টকাৰ নোটসমূহ বীজানুৰ বাহক হব পাৰে ৷ আমি কাৰোবাৰ সৈতে হাত মিলালে, সেই হাত মিলোৱা ব্যক্তিজনৰ হাতখন পৰিষ্কাৰ নহবও পাৰে ৷ বাচত, ৰিস্কাত, চিনেমা হলত বহিলে আমি হাত য’ত থওঁ,সেই ঠাইবিলাক   নিজৰ নাক কাণ খুচৰি,নখ কাটি   হাত দুখন ভালদৰে চাবোনেৰে পৰিষ্কাৰ কৰি ধোৱা উচিত ৷ নিতৌ নিকা হৈ থকা  অভ্যাস  কৰা উচিত ৷ ইয়াৰ দ্বাৰা আমি নিজক আৰু পৰিয়ালক লগতে সমাজক ৰোগৰ পৰা সুৰক্ষিত ৰাখিব পাৰি ৷

দিয়ে ৷ পাৰিপাৰ্শ্বিকতাৰ পৰিচ্ছন্নতাৰ বাবে ফেনাইল, চিত্ৰনেলা, ব্লিচিং পাউদাৰ,স্পিৰিট আদি ব্যৱহাৰ কৰাতো বাঞ্ছনীয় ৷ শৰীৰৰ ছালক আঁহ থকা কোমল ব্ৰাছেৰে (যেনে ভোলৰ বাকলি) ঘঁহিলে ভাল ৷ ইয়াৰ দ্বাৰা ছালৰ সুক্ষ্ম ছিদ্ৰসমূহ মুকলি হয় আৰু শৰীৰৰ ঘাম ওলোৱাত সহায়ক হয়  ৷ ইয়াৰ দ্বাৰা আমি শৰীৰক ফলিকুলাইটিচ নামৰ বিৰক্তিকৰ চৰ্মৰোগৰ পৰা সুৰক্ষা দিব পাৰোঁ ৷ মহানিমৰ পাত উতলাই সেই পানীৰে গা ধুলে অনেক চৰ্মৰোগৰ পৰা হাত সাৰি থাকিব পাৰি  ৷ যি কোনো বসন্ত জাতীয় ৰোগত নিমপাতেৰে গা ধোৱাৰ ওপৰিও শুৱা কোঠাত নিমডাল ওলমাই থলে প্ৰদূষণ ৰোধ কমিব পাৰি ৷ 

অপৰিষ্কাৰ থকাৰ ফলত হব পৰা বিভিন্ন ৰোগৰ চমু তালিকা এখন তলত দাঙি ধৰিলোঁঁ - 

১/ গেষ্ট্ৰএন্টাৰাইটিচ (সঘনাই পাইখানা,বমি,ওকালি হোৱা),                ২/ ফুড পয়জনিং, ভাইৰেল হেপাটইটিচসহ জণ্ডিচ, ই-ক’লাই সংক্ৰমণৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ বা পেলভিক্ ইনফ্লেমেটৰী         ৩/ ডিজিজ, ছালত খহু বানানা চৰ্মৰোগ, উফি-ওকনি-ৰিংৱৰ্ম – স্কেবিজ, বিভিন্ন এলাৰ্জিজনিত ৰোগ, নানাবিধ পেলুৰ সংক্ৰমণ ৷

কেইটামান সৰু লাগতিয়াল কথা   – ৰ’দ বতাহ প্ৰৱেশ কৰিব নোৱাৰা ঘৰৰ বন্ধ কোঠাত বা যি কোনো প্ৰেক্ষাগৃহৰ বায়ুৰ কণিকাত বেক্টেৰিয়া আৰু ভাইৰাছ ভাঁহি থাকে ৷ ৰোগাক্ৰান্ত ব্যক্তিয়ে হাঁহিলে, কাঁহিলে,হাঁচিয়ালে, জোৰেৰে কথা কলে,থুই খেকাৰ পেলালে নানান ৰোগৰ বীজাণু কোঠালিৰ বায়ুত বিয়পি  পৰে ৷ এনেদৰে ৰোগ বিয়পাৰ পদ্ধতিক ড্ৰপলেট ইনফেকছন বুলি কোৱা হয়৷ ৷ গতিকে তেনে সংক্ৰমন কঢ়িয়াই আনিব পৰা ঠাইৰ পৰা আহিলে গা ধুইহে ঘৰত প্ৰৱেশ কৰিব লাগে কিছুমান এনে ৰোগ আছে যিবোৰ ইজনৰপৰা সিজনলৈ সহজে সংক্ৰমিত হোৱাৰ সম্ভৱাাাৱনা থাকে যেনে কৰ'না ভাইৰাছ এই ভাইৰাছেে বৰ্তমান পৃথিৱীত কালৰূপ ধাৰণ কৰিছে লাখলাখ মানুহ আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে তেনে ধৰণৰ ৰোগীয়ে হাঁচিয়াওতে মুখনি ৰুমাল , টিচুপেপাৰ , নাইবা হাতেৰে ঢাকি ধৰিব লাগে পৰাপক্ষত তেনে ৰোগীৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব বৰ্ততাই ৰখাটো বাঞ্ছনীয় কিন্তুু এটা কথা তেনে ৰোগীৰ প্ৰতি ঘৃণা ভাৱ নাৰাখিব তেনে ৰোগীৰ প্ৰতি শুশ্ৰূষাৰ দায়িত্ব অতি গুৰুত্ব সহকাৰে লোৱাটো উচিত তেনে ৰোগত ভুক্তভোগী ৰোগীসকলৰ ব্যৱহাৰ কৰাা কাপোৰ , বেন্দদেজ আদি এটা নিৰ্দিষ্ট ডাজবিনত  পেলোৱাৰ ব্যৱস্থা কৰিব লাগে ৷

খোৱা খাদ্যৰ ক্ষেত্ৰত কিছুমান সতৰ্কতাৰ অতি প্ৰয়োজন ৷ গ্ৰীষ্মকালত সহজে গেলিব-পচিব ধৰা শাক পাচলিক ভাল খিনিৰ  লগত সানমিহলি নকৰিব ৷ পোক-পতংগ, পৰুৱা, পোহনীয়া জন্তুৱে খাদ্য সামগ্ৰীক যাতে প্ৰদূষিত কৰিব নোৱাৰে তালৈ চকু দিব ৷ বাহি খাদ্য পৰাপক্ষত বৰ্জন কৰিব ৷ খোৱা বস্তুক বাৰে বাৰে বেচিকৈ গৰম কৰিলে তাৰ খাদ্যপ্ৰাণ হ্ৰাস পোৱাৰ ওপৰিও সি কৰ্কট ৰোগৰ কাৰক হব পাৰে বুলি প্ৰকাশিত হৈছে ৷ খোৱা পানী সন্দেহাতীতভাবে সম্পূৰ্ণ নিৰাপদ হোৱাতো স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অপৰিহাৰ্য্য ৷

গতিকে ওপৰত উল্লেখিত কথাখিনি যদি মানি চলা যায় তেন্তে নিশ্চয় কৰ'না নিচিনা বহুতোো ৰোগৰপৰা বাচি থাকিব পাৰি শেষত এটাই কথা কওঁ বৰ্তমানৰ পৰিস্থিতিলৈ ভয় নকৰি সচেতনতাৰ অৱলম্বন কৰা উচিত আৰু চৰকাৰৰ প্ৰতিটো নিৰ্দেশাৱলী আখৰে আখৰে পালন কৰাটো বাঞ্ছনীয় সজাগ থাকক সচেতন থাকক সুস্থ জীৱন যাপন কৰক ৷


📝দুলাল ৰবিদাস

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment