শীতৰ শীতল সেমেকা ৰাতি
নিস্তব্ধ নীৰৱ অকলশৰে
পলে পলে অপেক্ষাৰে মই
তোমালৈ বাটে চাই আছো
সেউজীয়া সমাধিস্থত বহি।
তুমিও অহা নাই ৰাতিও নিজম
চকু থৰ হল তোমাৰ স্মৃতিত
কিছু সময় পিছত চকু জল জল হল মোৰ
হৈ যোৱা মাজনিশাৰ
অফুৰন্ত কাহিনীৰ তৎপৰতাক বিৱৰি
সপোন যেন হল সেই স্মৃতি।
শীতৰ শীতল সেই ৰাতি
বাঃ বৰ আলসুৱা অনুভৱ
কিন্তু কিহৰ বাবে ?
মাথোঁ মৃদু মৃদু মলয়া বা লাগি
গাতে এছাটি সানি
সান্নিধ্য কৰিছে মোক।
কিন্তু অপেক্ষাকৃত
মই আৰু মোৰ সপোন।
অনুভৱ হল অকলশৰীয়া
তোমাৰ অবিহনে মোৰ
কিছু পলকতে
তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক
ছিন্ন বিছিন্ন হৈ পৰিছে।
অন্ধকাৰছন্নময় আকাশৰ ডাৱৰে
এবাৰ মোক ৰিনিকিয়াই চাইছে
চকুলোৰ টুকি
শেষত এটি মিঠা অনুভৱ লৈ
বিদায় ৷
📝নাৰায়ণ বৰা,
লংকা কাকী ৩
জিলা: হোজাই (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ