মহামাৰী সংক্ৰমণ আৰু এটি আবেদন

©Admin
0
মহামাৰী কৰোনা সংক্ৰমণে কঢ়িয়াইছে অশণি  সংকেত  মোৰ দেশলৈ,
গৰ্বিত চহৰ,  আপোন গাওঁৰ উতলুৱা মানুহজাক বিচলিত হোৱা নাই এতিয়াও।
জোৰ পুৰি হাত  পোৱাৰ এই  সন্ধিক্ষণতো  চেতনা অহা নাই   
নিৰ্বোধ জনতাৰ! 
বিনামূলীয়া চৰকাৰী চাউল/সাহাৰ্য্যৰ বাবে  শাৰী পতা নিৰীহ প্ৰজাকো ঠগি খায় নিষ্ঠুৰ দালালে।
 উছৱৰ গইনালৈ দোকান পোহাৰ কতো  নেমানে  সামাজিক দূৰত্বৰ  আচৰণ । 
সংক্ৰমিত কৰোনা ৰুধিবলৈ সন্মিলিত প্ৰচেষ্টাৰ উত্তম পদক্ষেপ  আছিল   লকডাউন। 
কিন্তু   ব্যতিক্ৰমী ৰূপত লকডাউনৰ  শিথিলতাৰ সুযোগতে  আপোন  ঘৰ  বিচাৰি অহাজনেই কঢ়িয়ালে  কৰোনা সংক্ৰমণ   ব্যাপক হাৰত! 
ভয়াবহ আজি দেশৰ পৰিস্থিতি।
উমান পাইছোনে আমি? ?
আমাৰ নিৰ্লিপ্ততা আৰু অবিবেচক ধ্যান ধাৰণাই কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজা   মহাৰণৰ সেনাপতি আৰু সহযোদ্ধালৈ নানিবনে ভাবুকি? 
দুঃসময়ৰ শিকনিত  আত্মশুদ্ধিৰ পাঠ লবলৈ আমি 
ইচ্ছুক হোৱা নাই এতিয়াও! !
জীৱন্ত ছবিয়ে  কেতিয়াও মিছা  নকয়! 
জনতাৰ নিৰাপত্তাৰ স্বাৰ্থত যুঁজিবলৈ আগুৱাই অহা  মোৰ দেশৰ সাহসী ৰণুৱা , 
সুদুৰপ্ৰসাৰী আৰু দীৰ্ঘম্যাদী তোমালোকৰ সাহসী প্ৰচেষ্টাক
সদায়েই জনাওঁ  আদৰণি! 
  সন্দেহৰ  দৃষ্টিৰে সমালোচনা কৰাজনক নিন্দা কৰিয়েই  কওঁ, 
ধৈৰ্যৰ পৰীক্ষা লবলৈ বাধ্য নকৰিবা হে অবোধ মানব,  
সদাচাৰী হোৱা আৰু স্বাস্থ্য বিধি মানি সুৰক্ষিত কৰা নিজৰ লগতে আনৰো জীৱন, 
বাৰে বাৰে সুযোগ নেপাবা
 হে প্ৰিয় জনগণ ,
অন্যথাই মহামাৰীৰ  সংক্ৰমণে সৰ্বনাশ কৰিব আমাৰ সকলোৰে! 
গতিকে সবিনয়ে জনাওঁ, সজাগ আৰু সাৱধান হোৱা যেন আৰু তোমাৰ   কিঞ্চিত ত্যাগ আৰু  সহিষ্ণুতাৰে জীৱনৰ ৰংবোৰ উজ্জ্বলাই তোলা সোণালী সুদিনৰ বাবে! !

(উচৰ্গিত  মোৰ   দেশৰ প্ৰিয় জনগণৰ 
প্ৰতি )

📝ৰীতামণি বৰদলৈ 
 (গুৱাহাটী )


,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)