নিঃসংগতা

Rinku Rajowar
0
বিছনাত পৰি নীৰৱে 
চকুলো টুকিছো ।
আন্ধাৰ কোঠালিত
অজান শক্তিৰ কবলত পৰিছো ।
জীৱনৰ চাকনৈয়াত
অস্তিত্বহীন তমশাই
বাৰে বাৰে তুমি কৰা
প্ৰতিশ্ৰুতিক দোহাৰিছে ।

অচিন আন্ধাৰ গলিটিও 
হাত বাওলি মাতিছে
কাৰণ তুমি যে কাষত নাই।

তুমি নথকাৰ চল লৈ
নি:সংগতাক দোহাই দি 
জীৱন স্থিৰ হৈ পৰিছে,
তোমাক নোপোৱাৰ বেজাৰে
খুটি খুটি সংগহীনতা জীৱনৰ
ৰস শুহি শেষ কৰিছে ।

 📝 নবীন চন্দ্ৰ কুৰ্মী
       বৰপাম, চতিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)