হেৰুৱা প্ৰেমৰ ঝংকাৰ

Rinku Rajowar
0
বিচ্ছেদিত প্ৰেমৰ ঝংকাৰে
অন্তৰআত্মা ছিৰাচিৰ কৰিলে ॥

ভাৱনা বিভূৰ আত্মাক
শান্তনা দিবলৈ
আকাশলৈ মূৰ তুলি
সুধিলো -শােকৰ ভাৰ লবানে তুমি?

আকাশ ভৰা জোনাকৰো 
প্ৰত্তুতৰ নাছিল ॥

গধুৰ বিভোল মনাত্মাৰ 
জিৰণি ঘৰ নাছিল ॥

সেই মিঠা প্ৰেমৰ সুবাস আজি ক'ত ?
তৰাভৰা জোনাকেও 
দিব নোৱাৰে উত্তৰ ॥

হুমুনিয়াহবােৰে 
এচাতি বতাহৰ দৰে 
কোবাই যায় হিয়াত ॥

অশান্ত মনক
শান্তনা কোনে দিব ।
তমসা ৰাতিৰ আন্ধাৰেই লগৰী হ'ল ।
শুদ্ধ আন্ধাৰত বুকুৱেদি বৈ যায়
চকুলোৰ নিজৰা -
প্ৰতিৰাতি ।

'চকুপানীৰ সতে নতুন প্ৰেম' মোৰ
অশ্ৰুনদীক প্ৰেমেৰে আকোৱালি লওঁ ।
কিমান দিন চলিব 
অশ্ৰুৰাণীৰ সতে এই প্ৰেম ????

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)