প্ৰভাতী পখীৰ স্বপ্নময় ডেউকাৰ কোঢ়াল

Rinku Rajowar
0
সিহঁতবোৰ প্ৰভাতী পখী
দুচকুত অফুৰন্ত সেউজীয়া সপোনৰ তিৰবিৰনি
বুকুত অশ্বাৰোহীৰ দৰে উজ্বলিত
লক্ষ্যভেদী বাণৰ আশা....... 

সূৰুযৰ গতিৰেই দৌৰে
সিহঁতবোৰৰ স্বপ্নৰ বাহন দূৰ -দিগন্তলৈ
নদীৰ পৰা সাগৰলৈ 
আকাশৰ পৰা আকাশৰ অসীম সীমনালৈ...... 

সিহঁতে বিলাব বিচাৰে
জাৰজৰ মাজত সৃষ্টিৰ বীজ
সিঁচিব বিচাৰে অহংকাৰৰ প্ৰলেপ সানি
কুৰুকি কুৰুকি 
ধ্বংসমূখী যজ্ঞৰ আয়োজন কৰা কুৰুক্ষেত্ৰত 
সঞ্জীৱনী সুধা.......
 
অশান্তিৰ বতাহজাক সিহঁতৰ ডেউকাৰ কোঢ়ালত
শান্তিৰ কঁঠিয়া সিচে
ভাগৰুৱা মনবোৰ সাহসৰ বৰষুণেৰে
শক্তিৰ প্ৰেৰণা দিয়ে

সিহঁতবোৰ প্ৰভাতী পখী 
বুকুত স্বপ্নৰ যৌৱন
অক্ষয়ৰ দৃঢ়তাৰে সিহঁতবোৰৰ ডেউকা 
এক নতুন উপত্যকালৈ..........

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)