সোঁৱৰণীৰ নিয়ৰ

Rinku Rajowar
0
In times of great stress or adversity, it’s always best to keep busy, to plow your anger and your energy into something positive. – ✍️Lee Lacocca

নিয়ৰ নিয়ৰ
মাথোঁ নিয়ৰ
স্মৃতিৰ ডাৱৰৰ পৰা
আহিছে নামি
সোঁৱৰণীৰ নিয়ৰ।

সোঁৱৰিছো আজি,
যেতিয়া বিচাৰিছিলো
এদিন এনেকৈয়ে
কামৰ মাজত ব্যস্ত হবলৈ,
যেতিয়া বিচাৰিছিলো
এদিন এনেকৈয়ে
নিজৰ মনটোক কাৰোবাৰ চিন্তাৰ 
পৰা আঁতৰ কৰি ৰাখিবলৈ।

নিয়ৰ নিয়ৰ
মাথোঁ নিয়ৰ
স্মৃতিৰ ডাৱৰৰ পৰা
আহিছে নামি
সোঁৱৰণীৰ নিয়ৰ।

সোঁৱৰিছো আজি,
যেতিয়া বিচাৰিছিলো
এদিন এনেকৈয়ে
বেয়া সংগীৰ পৰা
আঁতৰ হৈ থাকিবলৈ
যদিওঁ আজি মই খুবেই ব্যস্ত
তথাপি মই পাহৰি পেলাইছো
জীৱনৰ ৰংবোৰ উপভোগ কৰিবলৈ।

📝জ্যোতিপ্ৰসাদ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)