সাজিব পাৰি জানো পূৰ্বৰ আৰ্হিৰে
মজিয়াত পৰি চূৰ্ণ-বিচূৰ্ণ হোৱা আইনাখন
যোৰা লাগে জানো আগৰ দৰে
গছে পাতে সাতোটা ৰং সানি দিলেও
দেখাত ৰামধেনু যেন নালাগে
বিশ্বাসৰ অভাৱত ঘূনে ধৰা সম্পৰ্কবোৰ
হেৰাই নগলেও নিলগত অৱস্থান কৰে
কথাৰ চোকে অন্তৰত আঘাত হানিলেও
আৱেগবোৰেহে মানুহক পঙ্গু কৰে
দুখবোৰ পাতলাবলৈ মন মেলিলেও
কন্দা-কটা কৰি সকলোৱে নিজৰ দুৰ্বলতা দেখাব নোখোজে
আনে নজনাকৈ সৰে দুচকুৰ তপত চকুলো
দীঘলকৈ আহে হুমুনিয়াহবোৰ ঘনাই ঘনাই
স্মৃতিৰ টুলুঙ-ভুটুঙ নাওখনি
অতীতৰ কোনোবা সোণালী সময়লৈ বাৰে বাৰে উজাই
নিজ হাতে হিয়াৰ একোণত এটি শ্মশান সাজি
নিজৰ চিতাত নিজে দিয়া জুই দাওদাওকৈ জ্বলি উঠে
দুপৰ নিশাৰ নিতাল নিদ্ৰা হৰণ কৰে জুইকুৰাই
কিন্তু ঘূণাক্ষৰেও গম নাপাই কাষতে থকাসকলে
মানসিক অশান্তিৰ জুয়ে যেতিয়া মন মগজু দহি যায়
নীৰৱ নিসংগতাই বন্ধুত্বৰ শিকলিৰে বান্ধিব খোজে
চিন্তাশক্তিৰ বীজে তেতিয়া আন্ধাৰৰ বুকুত কোঁচমোঁচ খায়
জীৱন বীণৰ বেসুৰা সুৰত সপোনবোৰ তচনচ হয় অজানিতে।
📝টোলন তাছা
জখলাবন্ধা,নগাঁও,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ