কৃষিভিত্তিক লোক উৎসৱ বাইখো-০৫

Rinku Rajowar
0
( যোৱা সংখ্যাৰ পিছৰ পৰা )
বাইখোৰ দ্বিতীয় দিনটোক ভৰ বা পূজাৰ দিন বুলি গন্য কৰা হয় | হৈ মাৰু গীত গাই গাই ৰাতিপুৱাই পাতনি মেলে | ইয়াৰ পিছত গাঁৱৰ মতা মানুহবোৰে থানলৈ গৈ পূজাৰ আয়োজন কৰে | থানত প্ৰতিষ্ঠা কৰা দেৱ--দেৱীৰ কাৰণে কুকুৰা আৰু গাহৰি বলি বিধান কৰা হয় | বাইখো দেৱীৰ আৰু দামঙিক সন্তুষ্ট কৰিবৰ বাবে গাহৰি আৰু বাকীবোৰৰ সন্তুষ্টিৰ বাবে কুকুৰা বলি দিয়ে | পূজা সমাপন হোৱাৰ পিছত মদ-মাংসৰে ভোজ খাই ঘৰলৈ উভতি আহে | উভতি আহিবৰ সময়ত ওজা পালি বিভিন্ন সুৰত ৰাগ টানি গীত গাই গাই সকলোৰে আগত খোজ লৈ আহে | অন্যান্যসকলে খাম , টেমেকা , বাদুংদুপ্পা আদি বজাই নৃত্য কৰি গাঁৱলৈ বুলি বাটকুৰি বাই আহে | কথিত আছে যে আহোতে এডাল দীঘল বনৰীয়া লতা টানি আনে আৰু বাটে বাটে হৰিধ্বনি দি আহে  |
     থানত যোৱা মানুহ বিলাকে আহি পোৱাৰ আগতে গাঁৱৰ মূৰতে তেওঁলেকক ভেটা দি পুটি ৰখা গছপুলিৰ গুৰিত গাঁৱৰ মতা তিৰুতা , ল'ৰা--ছোৱালী আটায়ে গৈ থিয় দিয়ে | ইয়াক কিল্লা পোটা বুলি কয় | যি সকল দেৱীৰ থানলৈ গৈছিল আৰু গাঁৱৰ আটায়ে লগলাগি খাম , টেমেকা ,বাদুংদুপ্পা বজাই কিল্লাৰ চাৰিওফালে সাতবাৰকৈ ঘুৰি ঘুৰি পিছত কিল্লা ভাঙি পেলায় | ইয়াক কিল্লা দিবিকাই বা কিল্লা ভঙা বুলি কোৱা হয় |

📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)